নেশ্বনেল ডেক্স,13 মাৰ্চঃনাগপুৰত কৰ’ণা ভাইৰাচত পুনৰ আক্ৰান্ত হৈছে দুজনকৈ লোক ৷ ইয়াকে লৈ মহাৰাষ্ট্ৰত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে ৷ মহকুমাধিপতি সঞ্জীৱ কুমাৰে জনায় যে, বিগত বুধবাৰে ৰাজ্যখনৰ নাগপুৰত এগৰাকী 45 বৰ্ষীয় ব্যক্তি কৰ’ণা ভাইৰাচত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হোৱাৰ পিছতে তেখেতৰ পত্নী আৰু বন্ধু শুকুৰবাৰে কৰ’ণাত আক্ৰান্ত বুলি প্ৰমাণিত হয় ৷ মহকুমাধিপতি গৰাকীয়ে আৰু কয় যে, লোকজনে বিগত সপ্তাহত পত্নী আৰু বন্ধুগৰাকীৰ সৈতে আমেৰিকা ভ্ৰমণৰ পৰা উভতিছিল ৷
নাগপুৰত কৰ’ণা ভাইৰাচত পুনৰ আক্ৰান্ত দুজনকৈ ব্যক্তিঃ আক্ৰান্তৰ সংখ্যা 16 লৈ বৃদ্ধি - নাগপুৰত কৰ’ণা ভাইৰাচত পুনৰ আক্ৰান্ত দুজনকৈ ব্যক্তি
মহকুমাধিপতি সঞ্জীৱ কুমাৰে জনায় যে, বিগত বুধবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰত এগৰাকী 45 বৰ্ষীয় লোকক কৰ’ণা ভাইৰাচত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হোৱাৰ পিছতে তেখেতৰ পত্নী আৰু বন্ধু শুকুৰবাৰে কৰ’ণাত আক্ৰান্ত বুলি প্ৰমাণিত হয় ৷
![নাগপুৰত কৰ’ণা ভাইৰাচত পুনৰ আক্ৰান্ত দুজনকৈ ব্যক্তিঃ আক্ৰান্তৰ সংখ্যা 16 লৈ বৃদ্ধি Coronavirus: 2 more test positive in Nagpur, Maha count now 16](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6395584-thumbnail-3x2-n.jpg)
নাগপুৰত কৰ’ণা ভাইৰাচত পুনৰ আক্ৰান্ত দুজনকৈ ব্যক্তি,আক্ৰান্তৰ সংখ্যা 16 লৈ বৃদ্ধি
ইতিমধ্যে আক্ৰান্ত আটাইকেইগৰাকীকে ইন্দিৰা গান্ধী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰ উপৰিও লোকজনৰ সংস্পৰ্শলৈ অহা লোকসকলকো নিৰিক্ষণত ৰখা হৈছে ৷ এইপৰ্যন্ত পুণেত 9 টা কৰ’ণা ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰে মুম্বাইত আক্ৰান্ত হৈছে 3 জন লোক, নাগপুৰত 3 জন আৰু থানেত 1 জন লোক ৷
লগতে পঢ়ক-কৰণা ভাইৰাছ বনাম অপপ্ৰচাৰ