অসম

assam

ETV Bharat / bharat

ইজৰাইলত উদ্ভাৱন হৈছে কৰ'ণা ভাইৰাছৰ চিকিৎসা পদ্ধতি - কৰ'ণা ভাইৰাছৰ সমাধানসূত্ৰ

উত্তৰ ইজৰাইলৰ এটা গৱেষকে কৰ'ণা ভাইৰাছৰ চিকিৎসাৰ বিচাৰি পাইছে এটা সমাধানসূত্ৰ ৷ চৰাইৰ দেহত কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ সময়তে তেওঁলোকে এই চিকিৎসাৰ সমাধানসূত্ৰ বিচাৰি পাইছে ৷ ভলকেনি কৃষি গৱেষণা প্ৰতিষ্ঠানে এই চিকিৎসা পদ্ধতিৰ পুনৰীক্ষণ কৰি নিশ্চয়তা প্ৰদান কৰিছে ৷

CORONA VIRUS TREATMENT
ইজৰাইলত উদ্ভাৱন হৈছে কৰ'ণা ভাইৰাছৰ চিকিৎসা পদ্ধতি

By

Published : Mar 5, 2020, 8:22 PM IST

নিউজ ডেস্ক,5মাৰ্চ : উত্তৰ ইজৰাইলৰ এটা গৱেষকৰ দলে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে কৰ'ণা ভাইৰাছৰ চিকিৎসাৰ এটা সমাধানসূত্ৰ বিচাৰি পাইছে ৷ এখন সংবাদমেলত মিগল গেলিলি গৱেষণা প্ৰতিষ্ঠানৰ গৱেষকসকলে কয় যে, চৰাইৰ দেহত কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ সময়তে তেওঁলোকে এই চিকিৎসাৰ সমাধানসূত্ৰ বিচাৰি পাইছে ৷ এই চিকিৎসা পদ্ধতিৰ দ্বাৰা তেওঁলোকে কৰ'ণা ভাইৰাছত আক্ৰান্ত এটা চৰাইক আৰোগ্য কৰিছিল৷ ভলকেনি কৃষি গৱেষণা প্ৰতিষ্ঠানে এই চিকিৎসা পদ্ধতিৰ পুনৰীক্ষণ কৰি নিশ্চয়তা প্ৰদান কৰিছে ৷

গৱেষকসকলৰ মতে, চৰাই আৰু মানুহৰ মাজত কৰ'ণা ভাইৰাচৰ সংক্ৰমণ আৰু প্ৰভাৱ প্ৰায় একে পৰিলক্ষিত হয় ৷ তাৰোপৰি এই ভাইৰাচৰ বংশানুগত বৈশিষ্ট একেই ৷ গতিকে ফলাফল হিচাপে চৰাইৰ দেহত প্ৰয়োগ কৰা চিকিৎসা পদ্ধতি মানুহৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পৰা যায় ৷ তাৰোপৰি প্ৰায় দুই তিনি মাহৰ ভিতৰত এটা ফলপ্ৰসু চিকিৎসা পদ্ধতি মানুহৰ বাবে উদ্ভাৱন কৰিব পৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে ৷

লগতে পঢ়ক : কোভিড-19 : সজাগতা বৃদ্ধিৰ নিৰ্দেশনা জাৰি শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগৰ

প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ জিগডনে কয় যে, "কৰ'ণা ভাইৰাছৰ পৰা মানুহক বচাবৰ বাবে অতিশীঘ্ৰে চিকিৎসা পদ্ধতি উদ্ভাৱন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু আমি অবিৰতভাৱে ইয়াৰ বাবে কাম কৰি আছোঁ ৷ কোবিন্দ-19 ৰ যি প্ৰতিৰোধৰ পদ্ধতি আমি উদ্ভাৱন কৰিছো সেইয়া ইতিমধ্যে সফল প্ৰমাণিত হৈছে ৷ আমি আশাবাদী যে, অহা দুমাহৰ ভিতৰতে কৰ'ণা ভাইৰাছৰ মানৱ চিকিৎসা পদ্ধতি উদ্ভাৱন কৰা হ'ব ৷ চৰাইৰ বাবে উদ্ভাৱন কৰা চিকিৎসা পদ্ধতি আমি মৌখিকভাৱে আগবঢ়াইছো, অনুৰূপ ধৰণে মানুহৰ বাবে উদ্ভাৱন কৰা চিকিৎসা পদ্ধতিও আমি মৌখিকভাৱেই আগবঢ়াম"৷

লগতে পঢ়ক : কোভিদ 19 ফ্লুৰ তুলনাত অধিক ভয়াবহঃ বিশ্ব স্বাস্থ্য সংস্থা

প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰফেচৰ ডন লেবাননে কয় যে, চিকিৎসা পদ্ধতি ব্যৱহাৰৰ যিটো গতি সেইয়া নিয়ন্ত্ৰকৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰে ৷ "বৰ্তমান পৰিস্থিতিত এই ভাইৰাছে বৃহৎ ক্ষতি সাধিন কৰিছে ৷ মই বিশ্বাস কৰোঁ যে, দেশৰ নিয়ন্ত্ৰকসকলে চিকিৎসা পদ্ধতিক অনুমোদন কৰাৰ পূৰ্বে বিভিন্ন স্তৰত পৰ্যবেক্ষণ কৰা উচিত হ'ব" ৷

ABOUT THE AUTHOR

...view details