অসম

assam

ETV Bharat / bharat

85 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা - কৰ’ণা ভাইৰাছত 68 বৰ্ষীয়ান এগৰাকী মহিলাৰ মৃত্যু

মহামাৰী কৰ’ণা ভাইৰাছৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ভাৰতত ৷ বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 85 লৈ ৷ বৰ্তমানলৈকে মৃত্যু হৈছে দুজন লোকৰ ৷

Corona Virus Rise India 83,83 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা
83 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

By

Published : Mar 14, 2020, 8:07 AM IST

Updated : Mar 14, 2020, 2:44 PM IST

নিউজ ডেস্ক, 14 মাৰ্চ:চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কিছু পৰিমাণে শাম কাটিছে যদিও বিশ্বব্যাপি এতিয়াও সন্ত্ৰাসৰ কাৰক হৈ আছে Covid-19 ৷ ভাৰতবৰ্ষতো এই ভাইৰাছবিধত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 85 জনকৈ লোক ৷ ইয়াৰে 68 গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে 17 গৰাকী হৈছে বিদেশী মূলৰ ৷

উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত দুজন ব্যক্তিৰ মৃত্যু হৈছে ৷ কৰ্ণাটকত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছিল দিল্লীত ৷

কৰ্ণাটকত মৃত্যুবৰণ কৰা 76 বছৰীয়া লোকজন আছিল কালবুৰ্গীঅঞ্চলৰ ৷ যোৱা 29 ফেব্ৰুৱাৰীত চৌদি আৰৱৰ পৰা ভ্ৰমণ কৰি আহিছিল লোকজনে ৷ বৃহস্পতিবাৰে কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী বি শ্ৰীৰামুলুৱে ব্যক্তিগৰাকীৰ দেহৰ পৰা সংগ্ৰহ কৰা নমুনাত ভাইৰাছ বিধৰ উপস্থিতিৰ কথা ধৰা পৰা বুলি ব্যক্ত কৰিছিল ৷

আনহাতে দিল্লীত মৃত্যুবৰণ কৰা লোকজন 68 বৰ্ষীয়ান এগৰাকী মহিলা ৷ বৰ্তমান ভাৰত-বাংলাদেশ সীমান্তৰ মাজত বাছ-ৰে’ল সেৱা বাতিল কৰা হৈছে ৷ আনহাতে দেশত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ঠাইয়ে ঠাইয়ে চিনেমা গৃহ, স্কুল, কলেজ, বিভিন্ন শ্বপিং ম’ল বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে বহু অনুষ্ঠানো স্থগিত তথা বাতিল কৰা হৈছে ৷

Last Updated : Mar 14, 2020, 2:44 PM IST

ABOUT THE AUTHOR

...view details