অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত দম্পত্তিক চিকিৎসালয়ৰ পৰা মুক্তি - পুনে পৌৰ নিগম

মহাৰাষ্ট্ৰৰ পুনেৰ বাসিন্দা এহাল দম্পত্তিক 9 মাৰ্চ তাৰিখে শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত পুনে পৌৰ নিগমৰ এম্বুলেঞ্চেৰে পুনেৰ এখন চিকিৎসালয়ৰ আইচলেশ্যন কক্ষত ৰাখি চিকিৎসা কৰি থকা হৈছিল ৷ চিকিৎসাৰ অন্তত তেঁওলোকক সুস্থ হোৱাৰ বাবে যাবলৈ দিয়া হয় ৷

মহাৰাষ্ট্ৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত দম্পত্তিক চিকিৎসালয়ৰ পৰা মুক্তি
মহাৰাষ্ট্ৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত দম্পত্তিক চিকিৎসালয়ৰ পৰা মুক্তি

By

Published : Mar 25, 2020, 1:40 PM IST

নেশ্যনেল ডেক্স, 25 মাৰ্চ:মাৰাত্মক কৰ'ণা ভাইৰাছে ভাৰতত ক্ৰমাত নিজৰ আধিপত্য বিস্তাৰ কৰি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ পৰা আহিছে এটা ভাল খবৰ ৷ মহাৰাষ্ট্ৰৰ পুনেৰ বাসিন্দা এহাল দম্পত্তিক 9 মাৰ্চ তাৰিখে শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত পুনে পৌৰ নিগমৰ এম্বুলেঞ্চেৰে পুনেৰ এখন চিকিৎসালয়ৰ আইচলেশ্যন কক্ষত ৰাখি চিকিৎসা কৰি থকা হৈছিল ৷ উল্লেখ্য যে, 1 মাৰ্চ তাৰিখে দম্পত্তিহাল 40 জনীয়া এটি পৰ্যটকৰ দলৰ সৈতে ডুবাইৰ পৰা মুম্বাইত আহি উপস্থিত হৈছিল ৷ তাৰ পাছতেই এওঁলোকৰ শৰীৰত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ অৱশেষত 14 দিনৰ আইচলেশ্যন প্ৰক্ৰিয়াত ৰাখি চিকিৎসা কৰি থকাৰ লগতে তেজৰ নমুনাসমূহ কেবাবাৰো পৰীক্ষা কৰাৰ পাছত অৱশেষত কৰ'ণা ভাইৰাছৰ ঋণাত্মক অৱস্থিতি প্ৰমাণ হোৱাত চিকিৎসালয় কৰ্তৃপক্ষই ঘোঘণা কৰাৰ পাছত দম্পত্তিহালক ঘৰলৈ যাবলৈ দিয়া হয় ৷

মহাৰাষ্ট্ৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত দম্পত্তিক চিকিৎসালয়ৰ পৰা মুক্তি

আনহাতে বুধবাৰে মহাৰাষ্ট্ৰৰ চাঙ্গলি জিলাত একে পৰিয়ালৰ পাঁচজনকৈ লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি ধৰা পৰে৷ উল্লেখযোগ্য যে, পৰিয়ালটোৰ চাৰিজনকৈ সদস্যচৌদি আৰৱৰ পৰা ভাৰতলৈ উভতি আহিছিল৷

লগতে চাওকঃ ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ ভিৰ : চিকিৎসালয়ত অনুপস্থিত নাৰ্ছ

ABOUT THE AUTHOR

...view details