অসম

assam

By

Published : Mar 16, 2020, 12:20 PM IST

ETV Bharat / bharat

COVID 19ত আক্ৰান্ত হৈ বিশ্বত প্ৰায় 6 হাজাৰ লোকৰ মৃত্যু

এইপৰ্যন্ত সমগ্ৰ বিশ্বতে 1,59,844 গৰাকী লোক 'COVID 19'ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 6,036 গৰাকী লোকৰ ৷ তদুপৰি এই ভাইৰাচৰ পৰা আৰোগ্য হৈছে প্ৰায় 76,219 গৰাকী ব্যক্তি ৷

COVID 19
COVID 19 ত আক্ৰান্ত হৈ বিশ্বত প্ৰায় 6 হাজাৰ লোকৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেক্স, 16 মাৰ্চঃ সমগ্ৰ বিশ্বতে ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ প্ৰথমে চীনত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ অধিক দেখা গৈছিল যদিও বৰ্তমান বিশ্বৰ প্ৰায় 110খন দেশৰ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি চীনত এই ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা সামান্য হ্ৰায় পাইছে যদিও ইটালী,ইৰাণ,স্পেইন আদিত এই ভাইৰাছে কালৰূপ ধাৰণ কৰিছে ৷
বৰ্তমান সমগ্ৰ বিশ্বতে এই ভাইৰাছত আক্ৰান্ত হৈছে 1,59,844 গৰাকী লোক ৷ ইয়াৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যু হৈছে 6,036 গৰাকী ব্যক্তিৰ ৷ তদুপৰি এই ভাইৰাছৰ পৰা আৰোগ্য হৈছে প্ৰায় 76,219 গৰাকী লোক৷

দেশ আক্ৰান্তৰ সংখ্যা মৃত্যু আৰোগ্য

চীন 81,048 3,199 66,931

ইটালী 21,157 1,441 1,966

ইৰাণ 13,938 724 4,590

স্পেইন 7,753 291 517

ফ্ৰাঞ্চ 4,499 91 12

দক্ষিণ কোৰিয়া 8,162 75 834

আমেৰিকা 3,083 60 56

জাপান 1,510 31 600

ইংলেণ্ড 1,140 21 18

ছুইজাৰলেণ্ড 2,217 14 4

জাৰ্মানী 5,426 11 46


বিশ্বৰ আন আন দেশৰ লগতে ভাৰতবৰ্ষতো ক্ৰমান্নয়ে বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি দেশত এইপৰ্যন্ত 110 জন লোক এই ভাইৰাচত আক্ৰান্ত হোৱাৰ লগতে কৰ্ণাটক আৰু দিল্লীত মুত্যু হৈছে 2 জন লোকৰ ৷ আক্ৰান্তসকলৰ ভিতৰত 93 গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে 17 গৰাকী হৈছে বিদেশী মূলৰ ৷

লগতে চাওকঃ

বইটামাৰীত জব্দ বিদেশী চিগাৰেট ভৰ্তি এখন ট্ৰাক









ABOUT THE AUTHOR

...view details