অসম

assam

ETV Bharat / bharat

দিল্লীৰ হাস্পতালত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ কৰ'ণা টেষ্ট - coronavirus

মহামাৰী COVID-19 সংক্ৰমণ ৰোধ কৰিবলৈ দিল্লী চৰকাৰৰ বিশেষ পদক্ষেপ । COVID-19 সংক্ৰমিত ৰোগী সকলক চিনাক্ত কৰিবলৈ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ দিল্লীৰ সকলো হাস্পতালত COVID-19 ৰ টেষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে দিল্লী চৰকাৰে ।

 কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ

By

Published : Jul 10, 2020, 10:38 AM IST

নিউজ ডেস্ক, ১০ জুলাইঃদেশজুৰি বৃদ্ধি পাইছে মহামাৰী কৰ'ণা আক্ৰান্তৰ প্ৰকোপ । তাৰ সমান্তৰালকৈ ৰাজধানী দিল্লীটো তীব্ৰ গতিত বৃদ্ধি পাইছে মহামাৰী COVID-19ত আক্ৰান্তৰ সংখ্যা । যাৰ বাবে দিল্লী চৰকাৰে COVID-19 সংক্ৰমণ ৰোধ কৰিবলৈ লৈছে বিশেষ পদক্ষেপ । COVID-19 সংক্ৰমিত ৰোগীসকলক চিনাক্ত কৰিবলৈয়ে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ দিল্লীৰ সকলো হাস্পতালত COVID-19 ৰ টেষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে দিল্লী চৰকাৰে ।

দিল্লীৰ হাস্পতালত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ কৰ'ণা টেষ্ট

মহামাৰী COVID-19ৰ সংক্ৰমণ চিনাক্ত কৰিবলৈ দিল্লী চৰকাৰে টেষ্ট,ট্ৰেক আৰু ট্ৰীট পদ্ধতিৰ অবলম্বন কৰিব। যাৰ বাবে দিল্লী চৰকাৰৰ সকলো প্ৰাথমিক চিকিৎসালয় আৰু পলিক্লিনিকত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ COVID-19 টেষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ কৰ'ণা আক্ৰান্ত হৈছে ২১৮৭ গৰাকী । যাৰ বাবে দিল্লীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১,০৭০৫১ গৰাকীলৈ বৃদ্ধি পায় । লগতে বিগত ২৪ ঘণ্টাত দিল্লীত ৪৫ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ।

লগতে চাওকঃ অসম চিকিৎসা মহাবিদ্যালয়ত কোভিড-19 ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ABOUT THE AUTHOR

...view details