অসম

assam

ETV Bharat / bharat

কৰ'ণা আৰু ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ - তালিবান সন্ত্ৰাসবাদী

ভাৰতৰ আন চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰমে পাকিস্তান, আফগানিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভুটান আৰু ম্যানমাৰে কৰ'ণা ভাইৰাছৰ সমক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত কিমান অগ্ৰগতি লাভ কৰিছে ?

corona and indian neigbours
corona and indian neigbours

By

Published : Apr 30, 2020, 6:33 PM IST

Updated : Apr 30, 2020, 9:04 PM IST

নেপাল আৰু ম্যানমাৰ- এই সমস্যাৰ সৈতে এতিয়াও যুঁজি আছে

শ্ৰীলংকা আৰু ভুটান- কৰ'ণা নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে

পাকিস্তান আৰু বাংলাদেশ-পৰিস্থিতি ক্ৰমাৎ বিপদ সংকুল হৈ গৈ আছে

ভাৰতে বিগত প্ৰায় এমাহৰো অধিক সময় ধৰি ৰাষ্ট্ৰজোৰা লক্ ডাউন মানি চলিছে, যাতে কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিব পাৰে । আনহাতে অতি দুৰ্ভাগ্যপুৰ্ণভাৱে চিহ্নিত, কৰ'ণা ভাইৰাছৰ কেন্দ্ৰস্থল চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰায় সফল হোৱাৰ দিশে আগবাঢ়িছে । প্ৰশ্ন উত্থাপিত হৈছে যে, ভাৰতৰ আন চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰমে পাকিস্তান, আফগানিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভুটান আৰু ম্যানমাৰে এই ক্ষেত্ৰত কিমান অগ্ৰগতি লাভ কৰিছে ? COVID-19এ এই ৰাষ্ট্ৰসমূহত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে ? ৰাষ্ট্ৰসমূহে ইয়াৰ প্ৰতিৰোধৰ বাবে কি সিদ্ধান্ত লৈছে ? সেউ ৰাষ্ট্ৰসমূহৰ জমসাধাৰণে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ? ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক পৰিস্থিতি কোন দিশে গতি কৰিছে ? সেই ৰাষ্ট্ৰসমূহে কেনেধৰণৰ স্বাস্থ্যজনিত ব্যৱস্থা হাতত লৈছে ? এই সকলো প্ৰশ্নৰ বিশ্লেষণ আগবঢ়োৱা হ'লঃ

আফগানিস্তানঃ আৱশ্যকীয় আন্তঃগাঠনি আৰু সেৱাৰ অভাৱ

তালিবান সন্ত্ৰাসবাদীৰ দ্বাৰা অধ্যুষিত আফগানিস্তানে কৰ'ণাৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে । দেশখনত আন্তঃগাঠনিৰ অভাৱ আৰু দৰিদ্ৰতাই জুৰুলা কৰা পৰিস্থিতিত কৰ'ণা নিয়ন্ত্ৰণৰ বাবে ঘোষণা কৰা লক্ ডাউনৰ সিদ্ধান্তই আভ্যন্তৰীণ অৰ্থনৈতিক কাঠামোক জুৰুলা কৰি তুলিছে । সহস্ৰাধিক স্ব-নিয়োজিত প্ৰতিষ্ঠানসমূহ বন্ধ হৈ গৈছে । লক্ষাধিক লোক কৰ্ম সংস্থাপনহীন হৈ পৰিছে । তেনে পৰিস্থিতিত আফগানিস্তান চৰকাৰ এতিয়া চীন, পাকিস্তান, ইৰাণ, উজবেকিস্তান আৰু ভাৰতৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছে । দৰিদ্ৰতাই কোঙা কৰি তোলা আফগানিস্তানত পৰিস্থিতি অধিক গম্ভীৰ হৈ পৰিছে, যেতিয়া ইৰাণ আৰু পাকিস্তানত থকা লক্ষাধিক আফগান নাগৰিক স্বদেশলৈ উভতিছে । 24 ফেব্ৰুৱাৰীত দেশখনত ধৰা পৰা প্ৰথমটো COVID-19ৰ ঘটনা আৰু 22 মাৰ্চত প্ৰকাশিত প্ৰথমটো মৃত্যুৰ বাতৰিৰ পিচতেই ইৰাণৰ পৰা আফগান নাগৰিক সকল স্বদেশলৈ ঢাপলি মেলিবলৈ লয় । ভয়াৱহ ৰূপত কৰ'ণাৰ সম্প্ৰসাৰণ ঘটাৰ মূল কাৰণটো হৈছে, সেই দেশখনত নাগৰিক সকলে সামাজিক দূৰত্বৰ নীতি নিয়ম মানি নচলাটো । দেশখনত পৰিস্থিতি ইমানেই ভয়াৱহ ৰূপ লৈছে যে, তালিবান বিদ্ৰোহী সকলেও লক্ ডাউনৰ নীতি নিয়মক সমৰ্থন জনাবলৈ বাধ্য হৈছে ।

পাকিস্তানঃ অদৃশ্য ভাইৰাছ বাহকৰ দ্বাৰা সামাজিক সংক্ৰমণ বৃদ্ধি

25 শতাংশ জনসাধাৰণেই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰাষ্ট্ৰখনত covid-19ৰ সংক্ৰমণ অকল্পনীয় । সম্প্ৰতি লক্ ডাউন বলৱৎ হোৱা দেশখনত প্ৰায় 1.87 কোটি জনসধাৰণেই হেৰুৱাব কৰ্ম সংস্থাপন । ইৰাণ ভ্ৰমণ কৰা দুজন ছাত্ৰৰ দেহত covid-19 ধৰা পৰিছিল যোৱা 26 ফেব্ৰুৱাৰীত । একেদৰে 30 মাৰ্চত প্ৰথমটো মৃত্যুৰ ঘটনা সংঘটিত হয় । উল্লেখ্য যে, যোৱা 10-12 মাৰ্চত লাহোৰত অনুষ্ঠিত তবলিগী জামাতৰ জনসমাগমে এই ভাইৰাছ বিয়পোৱাৰ ক্ষেত্ৰত বিস্ফোৰকৰ দৰে ভূমিকা পালন কৰিছে । মন কৰিবলগীয়া যে, তবলিগী জামাতৰ উক্ত অনুষ্ঠানত সামাজিক দূৰত্ব বজাই ৰখাৰ চৰকাৰী আহ্বানক নেওচি 40 খন দেশক প্ৰতিনিধিকে ধৰি স্থানীয় নাগৰিকসহ প্ৰায় 10 লাখ লোকে অংশগ্ৰহণ কৰিছিল । যাৰ ফলত জুইৰ দৰে বিয়পি পৰিছিল কৰ'ণা ভাইৰাছ । আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত জামাতত অংশগ্ৰহণকাৰীৰ প্ৰায় 20 হাজাৰ লোকক কোৱাৰেণ্টাইন কৰা হয় । 15 মাৰ্চৰ পৰা দেশখনৰ ৰাজ্যসমূহে ক্ৰমে লক্ ডাউন ঘোষণা কৰিবলৈ আৰম্ভ কৰে । অৱশ্যে দেশখনৰ কেন্দ্ৰীয় চৰকাৰে 30 এপ্ৰিললৈ লক্ ডাউনৰ সময়সীমা বৃদ্ধি কৰে । কিয়নো দেশখনত প্ৰায় 79 শতাংশ সংক্ৰমণৰ ঘটনা সামাজিক সংস্পৰ্শৰ বাবেই বৃদ্ধি পায় । সম্প্ৰতি দেশখনত লক্ ডাউনৰ নীতি নিয়ম কিছু অংশত শিথিল কৰি দিয়া হৈছে ।

দেশখনত দুখীয়া শ্ৰেণীৰ প্ৰায় 8 কোটি লোকক দৈনন্দিন চাহিদা পুৰণৰ বাবে 11 হাজাৰকৈ টকা সাহায্য হিচাপে আগবঢ়োৱা সত্বেও, লক্ষ লক্ষ জনতাই অনাহাৰে কটাবলগীয়া হৈছে । দেশখনত তীব্ৰ গতিৰে ভাইৰাছ সংক্ৰমণৰ ঘটনা সংঘটিত হোৱা সত্বেও চৰকাৰে ৰমজান মাহৰ নামাজ আদায় কৰাৰ বাবে মছজিদ সমূহ মুকলি কৰি দিছে । উল্লেখ্য যে, দেশখনত কৰ'ণা পৰীক্ষণৰ ব্যৱস্থা ক্ষীপ্ৰতৰ নোহোৱাৰ বাবে আক্ৰান্তৰ সংখ্যা পোহৰলৈ অহা নাই আৰু সেয়ে, অজ্ঞাত বাহকে বিনা দ্বিধাই সামাজিক সংস্পৰ্শৰ মাজত বিলীন হৈ গৈছে । এনেধৰণৰ অজ্ঞাত বাহক বা ৰোগীয়ে সমাজৰ বাবে মাতি আনিছে ভয়ংকৰ বিপদ । দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে 1.18 লাখ বিচনা চিকিৎসাৰ বাবে সাজু কৰি ৰাখিছে ।

নেপালঃ পৰীক্ষণ চলাবলৈ নাই বাজেট

23 জানুৱাৰীত চীনৰ ৱুহান চহৰৰ পৰা দেশখনলৈ উভতি আহিছিল এজন যুৱক । সেই সময়ত দেশখনত নাছিল কোনো পৰীক্ষণ কীট । covid-19 ভাইৰাছ পৰীক্ষণৰ বাবে নেপালত দেশীয় মুদ্ৰা হিচাপত 17 হাজাৰ টকাৰ প্ৰয়োজন হয় । সেয়ে ব্যক্তিগৰাকীৰ তেজৰ নমুনা ছিংগাপুৰলৈ প্ৰেৰণ কৰা হয় আৰু কৰ'ণাৰ দ্বাৰা সংক্ৰমিত হোৱাটো নিশ্চিত হয় । তেওঁক ততালিকে কোৱাৰেণ্টাইন কৰা হয় । একেদৰে তেওঁক 9 দিন নিজ গৃহতে কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ দি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় । সম্প্ৰতি দেশখনত কৰ'ণাৰ লক্ষণযুক্ত ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰথম পৰ্যায়ত 100 টা পৰীক্ষণ কীট ক্ৰয় কৰে । নেপালৰ আভ্যন্তৰীণ স্থিতিৰ বিষয়টো এই ঘটনাই প্ৰতিফলিত কৰিছে । অৰ্থনৈতিকভাৱে ইতিমধ্যে যুঁজ দি থকা ৰাষ্ট্ৰখনে চুবুৰীয়া দেশ ভাৰত আৰু চীনৰ কৰ'ণা সংক্ৰমণৰ পৰিস্থিতিক লৈ অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় । মন কৰিবলগীয়া যে, দেশখনৰ মূল উপাৰ্জনৰ উৎস হৈছে পৰ্যটন । প্ৰাকৃতিক সৌন্দৰ্য তথা 'মাউণ্টেইনিয়াৰিং'ৰ দৰে আকৰ্ষণীয় স্পৰ্ধা সমূহৰ বাবে দেশখনত পৰ্যটকৰ বিশাল আগমন ঘটে । কিন্তু শেহতীয়া পৰিস্থিতি আৰু ভাৰত নেপাল সীমান্ত বন্ধ কৰি দিয়াৰ ফলত দেশখনলৈ পৰ্যটকৰ গমন ব্যৱস্থা বাতিল কৰিবলগীয়া হয় । যোৱা 24 মাৰ্চৰ পৰাই ৰাষ্ট্ৰখনত লক্ ডাউন বলৱৎ হৈ আছে । ফলত লক্ষাধিক লোকে কৰ্মহীন হৈ পৰাৰ আশংকা কৰা হৈছে । দেশখনত সম্প্ৰতি আপাতকালীন ঔষধ পাতি আদিও ভাৰতে যোগান ধৰাৰ পৰিস্থিতি আহি পৰিছে ।

ভুটানঃ প্ৰতিশ্ৰুতিপূৰ্ণ সঁহাৰি

6 মাৰ্চ । প্ৰথমটো কৰ'ণা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে । সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অহা 79 বছৰীয়া প্ৰব্ৰজক জনৰ শৰীৰত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ লগে লগে তেওঁৰ সহধৰ্মিনীসহ আন সতীৰ্থ কেইজনক আইচ'লেশ্যনত ৰখা হয় । 13 দিন পিচত আক্ৰান্ত পৰ্যটকজন স্বদেশলৈ উভতি যায় । অৱশ্যে তেওঁৰ পত্নী আৰু গাড়ী চালকজন ভূটানতেই থাকি যায় । আনপিনে ভাৰত-ভুটান সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হয় । নিষিদ্ধ কৰি দিয়া হয় সকলো সা-সামগ্ৰীৰ আমদানি-ৰপ্তানি । যিসকলে ভাৰত, মালদ্বীপ, শ্ৰীলংকা আদি দেশত অধ্যয়ন অথবা কৰ্মসূত্ৰে বসবাস কৰি আছিল, তেওঁলোকক দেশখনৰ থিম্ফুস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ উভতাই লৈ যোৱা হয় । প্ৰাথমিক কোৱাৰেণ্টাইন প্ৰক্ৰিয়াৰ পাচত দেশখনৰ সেই নিৰ্দিষ্ট লোকসকলক ঘৰলৈ পঠিয়াই দিয়া হয় । ভুটানে ইতিমধ্যে সামগ্ৰিক পৰিস্থিতিক নিয়ন্ত্ৰণাধীন কৰিবলৈ সক্ষম হৈছে ।

শ্ৰীলংকাঃ নাগৰিক কেন্দ্ৰিক প্ৰস্তুতি

শ্ৰীলংকাই ইতিমধ্যে সমগ্ৰ বিশ্বক স্বাস্থ্য সম্বন্ধীয় আপাতকালীন পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, সেই বিষয়ে দেখুৱাই দিছে । চৰকাৰে ইতিমধ্যে অতি ক্ষীপ্ৰতাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি নাগৰিকৰ অগ্ৰাধিকাৰৰ ভিত্তিত যাৱতীয় কল্যাণমূলক ব্যৱস্থাপনা হাতত লৈছিল । চৰকাৰৰ সজাগতাই দেশখনৰ স্বাস্থ্য সুৰক্ষাত ব্যপকভাৱে সহায় কৰিলে । বিশ্বৰ বিভিন্ন দেশৰ কৰ'ণা আক্ৰান্তৰ তালিকাত শ্ৰীলংকাৰ স্থান আছিল 16 । কিন্তু চৰকাৰৰ উপযুক্ত ৰণকৌশল আৰু কাৰ্য ব্যৱস্থাই দেশখনক নৱম স্থানলৈ উন্নীত কৰে । ইয়ে প্ৰমাণ কৰে, দেশখনৰ কৌশলগত সফলতাৰ দিশটোক । বিশ্ব স্বাস্থ্য সংস্থাই কৰ'ণা মহামাৰীৰ বিষয়ে ঘোষণা কৰাৰ লগে লগে শ্ৰীলংকাৰ বিমান বন্দৰ সমূহত স্ক্ৰীনিং ব্যৱস্থা বলৱৎ কৰা হৈছিল । 27 জানুৱাৰীত চীনৰ পৰা শ্ৰীলংকাত উপস্থিত হোৱা এগৰাকী মহিলা কৰ'ণা আক্ৰান্ত হোৱাৰ লক্ষণ পোৱাৰ লগে লগে তেওঁক কোৱাৰেণ্টাইন কৰোৱা হয় । আনহাতে চীনৰ ৱুহান চহৰৰ পৰা শ্ৰীলংকালৈ উভতি অহা শিক্ষাৰ্থী সকলক কোৱাৰেণ্টাইন কৰাৰ পিচতহে স্বগৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয় । অৱশেষত শ্ৰীলংকাৰ পৰ্যটন গাইড এজনৰ শৰীৰত covid-19 ধৰা পৰে 10 মাৰ্চত । এই ঘটনাৰ পাচতে চৰকাৰে 14 দিনৰ অন্তত দেশখনত লক্ ডাউনৰ ব্যৱস্থাৰ লগতে সান্ধ্য আইন জাৰি কৰাৰ দৰে কঠোৰ ব্যৱস্থা হাতত লয় ।

বাংলাদেশঃ তীব্ৰ দৈন্যতা- ৰহিঙ্গীয়া অনুপ্ৰৱেশকাৰীৰ বোজাই চেৰাইছে সীমা

বাংলাদেশৰ সাম্প্ৰতিক জনসংখ্যা প্ৰায় 16 কোটি । কিন্তু সাম্প্ৰতিক পৰিস্থিতিত দেশখনত কেৱল আইচিইউ বিচনাৰ সংখ্যা 1169 খন । ইয়াৰ অৰ্থ এইটোৱেই যে, আপাতকালীন পৰিস্থিতিত প্ৰতি এক লাখ মানুহৰ বিপৰীতে আইচিইউ বিচনাৰ সংখ্যা এখনকৈয়ো ভাগত নপৰে । অৱশ্যে আন 150 খন আইচিইউযুক্ত বিচনা চলিত মাহৰ ভিতৰত বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল । দেশখনত কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা 1155 শতাংশ বৃদ্ধি পাইছে । সমগ্ৰ এছিয়াৰ ভিতৰতে ই সৰ্বাধিক । বিগত 8 মাৰ্চত দেশখনত covid-19ৰ প্ৰথমটো ঘটনা ধৰা পৰে আৰু উক্ত দিনৰ পৰা 18তম দিনত প্ৰথমটো মৃত্যুৰ ঘটনা পোহৰলৈ আহে । যোৱা মাৰ্চৰ পৰা চৰকাৰে দেশখনত লক্ ডাউন ব্যৱস্থা বলৱৎ কৰিছিল । ইপিনে দেশখনৰ মূল অৰ্থনৈতিক পৰিকাঠামো হিচাপে চিহ্নিত বস্ত্ৰশিল্পৰ উদ্যোগখণ্ডক সকলো ধৰণৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে । অভিযোগ উত্থাপিত হৈছে যে, দেশখনত এতিয়ালৈ 50 হাজাৰৰো কম মানুহৰ কৰ'ণা পৰীক্ষা চলোৱা হৈছে তথা, চৰকাৰে প্ৰকৃত নিহতৰ সংখ্যা ঘোষণা কৰা নাই । দেশখনৰ সাধাৰণ নাগৰিক সকলৰ ধাৰণা- প্ৰায় 10 লাখ ৰহিঙ্গীয়া শৰনাৰ্থী এই ভয়াৱহ কৰ'ণা সংক্ৰমণৰ অন্যতম বিস্ফোৰক কেন্দ্ৰবিন্দু হ'ব পাৰে ।

ম্যানমাৰঃ সংকট কালৰ গোপনীয়তা

চীন আৰু থাইলেণ্ড ৰাষ্ট্ৰখনৰ অন্যতম চুবুৰীয়া দেশ । ম্যানমাৰে দেশখনত ভয়াৱহ পৰিস্থিতিৰ তথ্য ঘোষণা কৰি আহিছে আৰু বৃহৎ সংখ্যক কৰ'ণা আক্ৰান্ত ৰোগী তথা এই ৰোগত মৃত্যু হোৱা লোকৰ তথ্যও পোহৰলৈ আহিছে । অভিযোগ উত্থপিত হৈছে যে ম্যানমাৰ চৰকাৰে কৰ'ণা সম্পৰ্কীয় পৰীক্ষণ পৰ্যাপ্তভাৱে চলোৱা নাই তথা আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । অৱশ্যে চৰকাৰে এই অভিযোগ নস্যাৎ কৰি আহিছে । চৰকাৰে এই বুলিও সুঁৱৰাই দিছে যে, তেওঁলোকৰ জীৱন নিৰ্বাহৰ ব্যৱস্থাটোৱেই এই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে । ম্যানমাৰত জনসাধাৰণে সাধাৰণতে কৰমৰ্দন নকৰে । তেওঁলোকে ইজনে সিজনক সম্ভাষণ জনাবলৈ সাৱটি নধৰে অথবা, নগদ ধন গণিবলৈ আঙুলিৰে জিভা স্পৰ্শ কৰি নলয় । চৰকাৰে স্পষ্ট কৰে যে, তেওঁলোকৰ এই জীৱন ধাৰণ প্ৰণালী সুদীৰ্ঘ সময়ৰ পৰাই চলি আহিছে । ম্যানমাৰত যোৱা 23 মাৰ্চত প্ৰথমটো ঘটনা পোহৰলৈ আহে আৰু লগে লগেই নিৰ্দিষ্ট জিলাসমূহত লক্ ডাউন ঘোষণা কৰে । ম্যানমাৰ চৰকাৰে সামাজিক দূৰত্বৰ সকলো বিধি বলৱৎ কৰিছে ।

Last Updated : Apr 30, 2020, 9:04 PM IST

ABOUT THE AUTHOR

...view details