নিউজ ডেস্ক,9 জানুৱাৰী:শনিবাৰে কৰবেট টাইগাৰ ৰিজাৰ্ভৰ পৰা ৰাজাজী টাইগাৰ ৰিজাৰ্ভলৈ দ্বিতীয়টো বাঘ স্থানান্তৰিত কৰা হয় ৷ এই সন্দৰ্ভত মুখ্য বন সংৰক্ষক বিষয়া ৰাজীৱ ভাৰতৰীয়ে কয় যে,5 বছৰীয়া বাঘটো শনিবাৰে পুৱাই কৰবেট টাইগাৰ ৰিজাৰ্ভৰ ধেলা ৰেঞ্জৰ পৰা ৰাজাজী টাইগাৰ ৰিজাৰ্ভস্থিত মটিচোৰ ৰেঞ্জৰ এটা বেষ্টনীলৈ লৈ যোৱা হয় ৷ ইপিনে এই বাঘৰ সন্ধানত প্ৰায় 6টা দিনেই জিম কৰবেট ৰাষ্ট্ৰীয় প্ৰশাসন বাঘটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল ৷ তদুপৰি এইক্ষেত্ৰত ড্ৰ'ণৰো সহায় লোৱা হৈছিল ৷ বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি,এই সময়খিনি বাঘৰ সম্ভোগৰ বাবে উপযুক্ত সময় ৷ বাঘৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
পুনৰ ৰাজাজী ৰিজাৰ্ভলৈ স্থানান্তৰিত বাঘ - কৰবেট টাইগাৰ ৰিজাৰ্ভ
বাঘৰ সম্ভোগৰ উপযুক্ত স্থান হিচাপে গণ্য কৰা হয় ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানক ৷ এক অনুকূল পৰিৱেশ হোৱাৰ হেতু শনিবাৰে কৰবেট টাইগাৰ ৰিজাৰ্ভৰ পৰা ৰাজাজী টাইগাৰ ৰিজাৰ্ভলৈ স্থানান্তৰিত কৰা হয় বাঘ ৷ বাঘৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

পুনৰ ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত বাঘ
উল্লেখ্য যে,ৰাজাজীক বাঘৰ বাবে এক অনুকূল স্থান বুলি গণ্য কৰা হয় ৷ তদুপৰি উদ্যানখনত কেৱল দুটা বাঘ থকা পৰিপ্ৰেক্ষিতত আৰু অধিক বাঘ উদ্যানলৈ লৈ যোৱা হৈছে ৷ ইপিনে,ৰাজাজীত প্ৰায় 4 দিনৰ বাবে ৰাখিবলগীয়া বাঘৰ বাবে এটা বৃহৎ বেষ্টনীও নিৰ্মাণ কৰা হৈছে আৰু সুস্থ হ'লেই বাঘক পুনৰ অৰণ্যৰ মাজত এৰি দিয়া হ'ব বুলিও বিভাগীয় কৰ্তৃপক্ষই অৱগত কৰিছে ৷
লগতে পঢ়কঃ100+ আসন দখলৰ লক্ষ্যৰে গোলাঘাটত বিজেপিৰ সদস্যভৰ্তি অভিযান