অসম

assam

চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

By

Published : Jul 1, 2020, 2:21 PM IST

জম্মু-কাশ্মীৰৰ চ'প'ৰেত অব্যাহত আছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত এই এজন চিআৰপিএফ জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আন ৩ গৰাকী নিৰাপত্তাৰক্ষী।

Sopore terrorist attack
Cops rescue 3-yr-old during Sopore terrorist attack

নিউজ ডেস্ক, ১ জুলাইঃ জম্মু-কাশ্মীৰ আৰক্ষীয়ে বাৰামুলা জিলাৰ চ'প'ৰে চহৰৰ পৰা সন্ত্ৰাসবাদী আক্ৰমনৰ সময়ত এটা তিনি বছৰীয়া শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বুধবাৰে সংঘটিত হয় এই ঘটনা।

চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, তিনি বছৰীয়া শিশুটি সন্ত্ৰাসবাদীৰ আক্ৰমনৰ সময়ত গুলীবিদ্ধ হোৱাৰ পৰা ৰক্ষা পৰে। ইফালে, এই আক্ৰমনৰ ঘটনাত এজন চিআৰপিএফ (Central Reserve Police Force)জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। আনহাতে, বুধবাৰে সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমনত তিনিগৰাকী নিৰাপত্তাৰক্ষী আহত হয় বুলি জানিব পৰা গৈছে।

চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

চ'প'ৰে অঞ্চলত নিৰাপত্তাৰক্ষীক উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে ধাৰাবাহিকভাৱে গুলীবৰ্ষণ অব্যাহত ৰাখিছে। নিৰাপত্তাৰক্ষীয়েও এই আক্ৰমনৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে যদিও ৩ গৰাকী চিআৰপিএফ আৰু এজন সাধাৰণ নাগৰিক আহত হয় বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে। ইতিমধ্যে আহতসকলক চিকিত্সাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। তদুপৰি সন্ত্ৰাসবাদীৰ সন্ধানৰ বাবে অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে চাওকঃ এম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ

ABOUT THE AUTHOR

...view details