নেশ্যনেল ডেস্ক,4 জানুৱাৰী: উত্তৰ প্ৰদেশৰ অমৰোহাৰ ৰাষ্ট্ৰীয় ঘাইপথত ম’হভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে বাহনখন ৷ ফলত ঘটনাস্থলীতে নিহত হয় 6 জনকৈ যুৱক ৷ আনহাতে, এই দুৰ্ঘটনাত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে ৷
উত্তৰ প্ৰদেশৰ অমৰোহাত পথ দুৰ্ঘটনাত নিহত 6 - Amroha accident
উত্তৰ প্ৰদেশৰ অমৰোহাৰ ৰাষ্ট্ৰীয় ঘাইপথত ম’হভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাতো 6 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷
উত্তৰ প্ৰদেশৰ অমৰোহাত পথ দুৰ্ঘটনাত নিহত 6
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷ আৰক্ষীৰ তৎপৰতাত আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ এই দুৰ্ঘটনাত 13 টাকৈ ম’হো মৃত্যুমুখত পৰিছে ৷
লগতে পঢ়ক-ৰাষ্ট্ৰীয় মেট্ৰ’লজী সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে