নিউজ ডেস্ক, ২০ জুলাইঃমহামাৰী COVID-19ৰ সংকটৰ বাবেই বৃদ্ধি পাইছে বীয়েৰ,ৱাইন স্পিৰিটৰ মূল্য । যাৰ দেশৰ কেইবাখনো ৰাজ্যত গ্ৰাহকসকলে কম মূল্যৰ মাদক দ্ৰব্য সেৱন কৰিবলৈ আৰম্ভ কৰিছে বুলি এটা সমীক্ষাত প্ৰকাশ পাইছে । সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি,ৰাজ্যসমূহত মাদক দ্ৰব্য়ৰ বিক্ৰী হ্ৰাস পাইছে । কিয়নো গ্ৰাহকসকলে দাম বৃদ্ধি হোৱা বাবেই মাদক দ্ৰব্য সেৱন কৰাত বাধাৰ সন্মুখীন হৈছে । যাৰ ফলত একাধিক ৰাজ্যৰ পৰা কৰ সংগ্ৰহ কম হোৱাৰ আশংকা কৰা হৈছে ।
কৰ'ণা সংকটৰ বাবেই কম মূল্যৰ সুৰাপানৰ প্ৰতি আগ্ৰহী গ্ৰাহক
মহামাৰী COVID-19ৰ সংকটৰ সময়তে দেশৰ ভিতৰত তেলেংগানা,পশ্চিমবংগ আৰু ৰাজস্থানত সৰ্বাধিক বৃদ্ধি পাইছে সুৰাৰ মৃল্য । আনহাতে,দেশৰ কেইবাখনো ৰাজ্যত সুৰাৰ মূল্য বৃদ্ধিৰ বাবেই হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যা। লগতে এই কৰ'ণা সংকটৰ সময়তে কম মূল্যৰ সুৰাপান কৰিছে গ্ৰাহকসকলে । এটা সমীক্ষাত প্ৰকাশ পাইছে এই কথা । আনহাতে, সুৰাৰ মূল্য বৃদ্ধিৰ ফলত গ্ৰাহকৰ সংখ্যা একাধিক ৰাজ্যত হ্ৰাস পোৱাৰ বাবেই কৰ সংগ্ৰহ কম হোৱাৰ আশংকা কৰা হৈছে ৰাজ্যকেইখনৰ পৰা ।
আনহাতে, একাংশ গ্ৰাহকে কয় যে ৰাজ্য় চৰকাৰে অনুমতি প্ৰদান কৰিলে তেখেতসকলে ই কমাৰ্চ এপৰ জৰিয়তে সুৰা অৰ্ডাৰ কৰিবলৈ আগ্ৰহী। আনহাতে, সমীক্ষাত দেখা গৈছে যে,একাধিক ৰাজ্যত ২০১৯ চনৰ তুলনাত ২০২০ চনৰ জুন মাহলৈকে সুৰাৰ বিক্ৰীৰ পৰিমাণ হ্ৰাস পাইছে ।
উল্লেখ্য যে,সুৰা ৰাজ্য চৰকাৰৰ উপাৰ্জনৰ অন্যতম বৃহৎ উৎস। কিন্তু দেশজুৰি মহামাৰী কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ বাবেই বন্ধ কৰি দিয়া হৈছিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । যাৰ বাবে কেইবাখনো ৰাজ্য চৰকাৰে কৰ সংগ্ৰহৰ বাবে সুৰাৰ ওপৰত COVID-19 ছাৰচাৰ্জ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে,দেশৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত তেলেংগানা,পশ্চিমবংগ আৰু ৰাজস্থানত বিগত কিছুমাহ ধৰি সুৰাৰ মূল্য অধিক হাৰত বৃদ্ধি কৰা হৈছে ।