অসম

assam

ETV Bharat / bharat

উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নতুন পদক্ষেপ - ড° এম বুচিয়াহ

ড° এম বুচিয়াহ

ড° এম বুচিয়াহ, Consumer to be put on the highest pedestal!!
উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নতুন পদক্ষেপ

By

Published : Jan 19, 2020, 10:33 PM IST

নতুন আইনে আমাৰ সমস্যা সমাধান কৰিব পাৰিব নে?

অৰ্থনৈতিক উদাৰীকৰণ আৰু বিশ্বায়নৰ এই সময়ছোৱাত উপভোক্তাৰ এক গুৰুত্বপূৰ্ণ ভুমিকা আছে । সামগ্ৰী বা উৎপাদনৰ যিহেতু বিশালভিত্তিত বিক্ৰী বাঢ়িছে, হব পৰা লোকচান আৰু ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধেও ব্যবস্থা লোৱাৰ সময় আহি পৰিছে । যিহেতু, উপভোক্তাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে ব্যবস্থা লোৱা হৈছে, সমান্তৰালভাৱে উপভোক্তাক তেওলোকৰ অধিকাৰৰ বিষয়ে সতৰ্ক কৰাতোও প্ৰয়োজন । বেছিসংখ্যক উপভোক্তা তেওলোকৰ অধিকাৰৰ বিষয়ে সতৰ্কিত নহয়, বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উপভোক্তাসমুহ । যোৱা বছৰ চৰকাৰে উপভোক্তাৰ সুৰক্ষা আইন,১৯৮৬ ৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন আনিবলৈ নতুন বিল এখন প্ৰস্তাৱিত কৰিলে । ২০১৯ বৰ্ষৰ ৯ আগষ্ট তাৰিখে বিলখন ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত হ'ল । উপভোক্তাৰ অধিকাৰৰ সুৰক্ষা, অনৈতিক ব্যৱসায় ৰোধ কৰা, অভিযোগ দৰ্খাস্তকৰনৰ ব্যবস্থা, ইণ্টাৰনেটযোগে লেন-দেনৰ ব্যৱস্থা তথা ব্যৱসায় , এই আটাইবোৰ নতুন আইনখনে অন্তৰ্ভুক্ত কৰিছে । উপভোক্তাৰ সবলীকৰনৰ ক্ষেত্ৰত এই নতুন আইনখন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ " য়ু এছ ফেদৰেশ্যন ট্ৰেড কমিছন" আৰু অষ্ট্ৰেলিয়াৰ "অষ্ট্ৰেলিয়ান কনজিউমাৰ এণ্ড কমিছনে" উপভোক্তাৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে । উপভোক্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন পৰিষদ গঠন কৰা হৈছে । তাৰ লগতে উপভোক্তাৰ অধিকাৰৰ সুৰক্ষা আৰু অনৈতিক ব্যৱসায় ৰোধ কৰাৰ কাৰণে এই আইনখনৰ অধীনত উপভোক্তাৰ সুৰক্ষা কৰ্তৃপক্ষ এখন আছে । এজন মুখ্য আয়ুক্ত তথা উপ আয়ুক্তৰ অধীনত এই কামখিনি চলিব । নিৰ্দেশক এজনৰ দ্বায়িত্বত অনুসন্ধান বিভাগ চলিব আৰু এই বিভাগৰ ৰেইড তথা অন্য কিছু ক্ষমতা থাকিব । যদি কোনো ধৰণৰ অনৈতিক ব্যৱসায় তথা অধিকাৰ ভংগৰ কিবা উমান পোৱা যায়, প্ৰতিবেদন দাখিল কৰা যাব । নতুন আইনখনে আনকি উপভোক্তা পৰিষদৰ ওপৰতো কিছু সীমবদ্ধতা আনিছে । জিলাভিত্তিত গঠন হোৱা পৰিষদবোৰে অকল ১ কোটি টকালৈকেহে অভিযোগ বা কেছ লব পাৰিব।ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিষদবোৰে ১০ কোটিৰ অভিযোগ পৰ্যন্ত লব পৰিব । জিলভিত্তিক পৰিষদত শুনানি হোৱাৰ পিছত , সেই ৰায় ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদত পুনৰ আবেদন কৰিব পাৰিব । আগৰ ৰায়ক পুনৰিক্ষণ কৰিব পৰা ক্ষমতাও ৰাজ্যিক পৰিষদৰ আছে । নীতি-নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে জৰিমনাসহ শাস্তিৰ ব্যবস্থা আছে । অবাস্তৱ কথা বা বিজ্ঞাপনৰ জৰিয়তে উপভোক্তাক আভুৱা ভৰিব খুজিলে ১০ লাখলৈকে জৰিমনা বিহা হব পাৰে । ভুৱা বিজ্ঞাপন বা তেনেকুৱা ধৰণৰ কাৰ্যত কোনো তাৰকা জৰিত থাকিলে অন্য বিজ্ঞাপনৰ পৰা তেওক নিষিদ্ধ কৰা যাব । যদি সেই নিয়মাৱলী কোৱা ধৰণেই প্ৰযোজ্য হোৱা দেখা নাযায়, ছমাহ পৰ্যন্ত জেল আৰু ২০ লাখলৈকে জৰিমনা ভৰাৰ সম্ভাৱনীয়তা আছে । সামগ্ৰীৰ উৎপাদক তথা সেৱা প্ৰদান কৰোতা উভয়ে জেল তথা জৰিমনা ভৰাৰ সন্মুখীন হব লাগিব । বিভিন্ন সংঘাতবোৰৰ সমাধান উলিয়াবলৈ মধ্যস্থতা কেন্দ্ৰসমুহ স্থাপন কৰা হৈছে, উদ্দেশ্য এটাই যাতে সোনকালে যিকোনো সংঘাতৰ সমাধান এটা উলিয়াব পাৰি । নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাধান নোলালে জিলভিত্তিক পৰিষদবোৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদক আবেদন কৰিব পাৰে । নতুন আইনৰ অধীনত উপভোক্তাই যিকোনো ঠাইৰ পৰা তেওঁলোকৰ সমস্যাসমুহ অনলাইন যোগে দৰ্খাস্ত কৰিব পাৰে। উপভোক্তাৰ সুবিধাৰ্থেই এই আইনখন ডিজাইন কৰা হৈছে । সামগ্ৰী বা বস্তুৰ সংজ্ঞা ১৯৮৬ চনৰ আইনখনত অন্তৰ্ভুক্ত কৰা হৈছিল । যদি উপভোক্তাক সেৱা প্ৰদানৰ ক্ষেত্ৰত পলম হয়, ক্ষতিপূৰণ দিব লাগিব । এই ৰায় প্ৰদান কৰা গৈছিল ললিত কুমাৰ বনাম কৃষ্ণ কেছত । চাৰিঘন্টা সময় এজন উপভোক্তাক ৰখায় থোৱা কাৰণে এবাৰ ৩৫০০০ টকাৰ ক্ষতিপূৰণ দিব লগা হৈছিল । নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত উপভোক্তাৰ কেছ সমাধা হব লাগিব । ইয়েই উৎপাদক আৰু বিক্ৰেতাক দ্বায়ীত্বশীলভাৱে কাম কৰাব । সৰু ল'ৰা-ছোৱালীক উদ্দেশ্যি বনোৱা অনিষ্টকৰ খাদ্যবস্তুবোৰৰ বিজ্ঞাপনৰ ওপৰত কিছু সীমাবদ্ধতা থাকিব লাগিব । উপভোক্তাৰ সুৰক্ষা সন্দৰ্ভীয় বিভিন্ন আলোচনা চক্ৰ চৰকাৰী পূজি প্ৰাপ্ত সংস্থাবোৰৰ জৰিয়তে হব লাগিব, বিশেষকৈ বিস্ববিদ্যালয়, মহাবিদ্যালয় তথা বিদ্যালয়সমূহত । সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰাৰ কাৰণে পৰীক্ষাগাৰ স্থাপনৰ কথাও বিবেচনা কৰা হৈছে । কেইটামান বিশেষ স্তৰ পাৰ হোৱাৰ পিছতহে সামগ্ৰী বজাৰত উলিয়াই দিয়াতো উপভোক্তাৰ কাৰণে উপযুক্ত হ'ব । চৰকাৰৰ আইন বা নিয়ম প্ৰনয়নৰ দ্বায়িত্ব আৰু নৈতিকতাৰ ক্ষেত্ৰত উপভোক্তাৰ অংশগ্ৰহণ যথেষ্ট কঠিন ৷ সদৌ শেষত এটাই কথা, উপভোক্তাৰ অধিকাৰৰ ক্ষেত্ৰত নতুন আইনখন ইতিবাচক । যদিহে কোনো উপভোক্তাৰ সমস্যাবোৰ সচাঁকৈয়ে সমাধা হ'ব পাৰে আৰু তেওঁ সঠিক ক্ষতিপূৰণ লাভ কৰে, উপভোক্তাজন সন্তুষ্ট বুলি কব পাৰি । আৰু সঠিক্ভাৱে কাৰ্যকৰী হোৱাৰ পিছত এখন আইনক ফলপ্ৰসূ বুলি কব পাৰি ।

ABOUT THE AUTHOR

...view details