আমাৰ গণৰাজ্যই সত্তৰটা বৰ্ষ অতিক্ৰম কৰাৰ পাছত আমাৰ সংবিধানে মহিলা আৰু শিশুক প্ৰদান কৰা অধিকাৰসমূহ আমি কিমান দূৰ গ্ৰহণ কৰিছো সেয়া মূল্যায়ন কৰাৰ সময় আহি পৰিছে । আমাৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰৰ অধ্যায়টোৱে আইনৰ ওচৰত সমতা আৰু আইনৰ সমান সুৰক্ষা প্ৰদান কৰে । লগতে ই ধৰ্ম,বৰ্ণ,লিংগ,জন্মৰ স্থান আদিৰ ভিত্তি বৈষম্যক বাধা দিয়ে । ১৫(৩) নং অনুচ্ছেদত উল্লেখ আছে-এই অনুচ্ছেদে চৰকাৰক মহিলা আৰু শিশুৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণত বাধা নিদিব। ইয়াৰ দ্বাৰা স্পষ্ট ইংগিত পোৱা যায় যে আমাৰ সংবিধান প্ৰণেতাসকলে আমাৰ প্ৰশাসনত মহিলাক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টাত স্বীকৃতি প্ৰদান কৰাৰ লগতে শিশুৰ প্ৰতি যত্ন আৰু সুৰক্ষাৰ গুৰুত্বক ইতিবাচকভাৱে গ্ৰহণ কৰিছিল। আমি তেওঁলোকৰ সপোনবোৰ সাকাৰ কৰিছোনে?
ভাৰতীয় গণৰাজ্যৰ প্ৰথম কেইবছৰতে মহিলাসকলৰ সমতা আৰু আন অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ কিছু পদক্ষেপ লোৱা হৈছিল । ১৯৫০ৰ দশকৰ মাজভাগত প্ৰণয়ন হোৱা হিন্দু কোডে এক নতুন দুৱাৰ মুকলি কৰে। এই গতি ধীৰ যদিও সুস্থিৰ আছিল । ১৯৬১ চনত মাতৃত্ব উপকাৰ আইনআৰু যৌতুক বিৰোধী আইন গৃহীত কৰা হয়। কিন্তু কেৱল আইনে সমাজৰ সকলো সলনি কৰিব নোৱাৰে । উদাহৰণ স্বৰপে ভাৰতীয় দণ্ডবিধিৰ ৩০৪বি ধাৰা অনুসৰি যৌতুকক লৈ কৰা হত্যাক জঘন্য অপৰাধ হিচাপে বিবেচনা কৰা হয়। কিন্তু ই যৌতুকৰ বাবে হোৱা হত্যাবোৰ বন্ধ কৰিব পাৰিছেনে? নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ্ ব্যুৰোৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাতে যৌতুকৰ নামত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায়। একেদৰে নাৰীক ঘৰুৱা হিংসাৰ পৰা ৰক্ষা কৰাৰ বাবে অথবা কৰ্মক্ষেত্ৰত নাৰীৰ ওপৰত হোৱা যৌন নিৰ্যাতন বা হাৰাশাস্তি প্ৰতিহত কৰিবলৈ প্ৰণয়ন কৰা আইনসমূহ ফলপ্ৰসূ নে ? এই আইনসমূহ জৰুৰী আৰু ইয়াক প্ৰণয়ন কৰিবলৈ দীৰ্ঘদিন অপেক্ষা কৰিব লগা হৈছিল। ভাল খবৰটো এয়ে যে এই আইনসমূহে নাৰীসকলক সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ সজাগ আৰু সবল কৰিছে।
সংবিধানত উল্লেখিত নিৰ্দেশাত্মক নীতিয়ে পুৰুষ আৰু মহিলা উভয়ৰে জীৱিকা অৰ্জনৰ সমান অধিকাৰৰ লগতে একেটা কামৰ বাবে সম হাৰত পাৰিশ্ৰমিক আদায় দিয়াটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । সংবিধানে মহিলাসকলৰ বাবে (অনুসূচিত জাতি আৰু জনজাতিকে ধৰি) পঞ্চায়ত আৰু নগৰপালিকাত সংৰক্ষণৰ ব্যৱস্থা প্ৰদান কৰিছে । কিন্তু ইয়াৰ পাছতো বহুতে (ক্ষমতাতত থকা শীৰ্ষ লোকেও) নাৰীৰ স্থান ঘৰত বুলিহে ৰাজহুৱা মন্তব্য কৰে। এইটো সকলোৱে জনা কথা যে কিছুমান সংৰক্ষিত আসনত বহা মহিলাসকল মূলতঃ প্ৰক্সি। গতিকে কেৱল আইনেই যথেষ্ট নহয়। সংবিধান প্ৰণেতাসকলে আশা কৰা সবলীকৰণৰ লক্ষ্যত উপনীত হ’বলৈ আমাৰ মানসিকতা থাকিব লাগিব ।
মানৱাধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ২৫ নং অনুচ্ছেদে শৈশৱক বিশেষ যত্ন আৰু সহায়ৰ মাজত ৰখাৰ পোষকতা কৰিছে । এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সংবিধানে চৈধ্য বছৰৰ যিকোনো শিশুক উদ্যোগ,খনি বা যিকোনো বিপজ্জনক কামত নিয়োজিত হোৱাৰ পৰা বাধা দিছে । ফুলকুমলীয়া শিশুসকল যাতে অন্যায়ৰ বলি নহয় আৰু সিহতক সুস্বাস্থ্য,আত্মসন্মান আৰু স্বাধীনতাৰ মাজত ডাঙৰ হ’বলৈ সুযোগ দিয়া হয়,শিশু আৰু কিশোৰ-কিশোৰীসকল শোষণৰ পৰা মুক্ত হয় তাৰ বাবে চৰকাৰক পদক্ষেপ ল’বলৈ ৰাষ্ট্ৰৰ প্ৰতি নিৰ্দেশাত্মক নীতিসমূহত উল্লেখ আছে। এইবোৰ এক আদৰ্শগত কথা,কিন্তু এই অধিকাৰবোৰ সুৰক্ষিত কৰিবলৈ আমি যথেষ্ট কাম কৰিছোনে?