অসম

assam

ETV Bharat / bharat

দেশৰ গতিপথ সলনি কৰা কিছুমান সংবিধান সংশোধন - Constitutional amendments that changed the course of the Country

ভাৰতৰ সংবিধানত বৰ্তমানলৈকে প্ৰায় 103 টা সংশোধন কৰা হৈছে ৷ ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ সংশোধনৰ বিষয়ে উল্লেখ কৰা হ'ল ৷

প্ৰায় 103 টা সংশোধন
সংবিধান সংশোধন

By

Published : Nov 27, 2019, 2:38 PM IST

সংবিধানত পূৰ্বৰ পৰা উল্লেখিত বৈশিষ্ট্যসমূহত ব্যাঘাত নজন্মোৱাকৈ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন আৰু সদা পৰিৱৰ্তিত সমাজৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে আমাৰ সংবিধানত বৰ্তমানলৈকে প্ৰায় 103 টা সংশোধন অনা হৈছে ৷ ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ সংশোধনৰ বিৱৰণী দাঙি ধৰা হ'ল -

প্ৰথম সংশোধন (1951):
ন্যায়িক হস্তক্ষেপৰ জৰিয়তে ভূমিৰ সংস্কাৰ আৰু অন্য অধিনিয়মৰ সংৰক্ষণ ৷
মৌলিক অধিকাৰ, 'কথা কোৱাৰ অধিকাৰ'ৰ সৈতে 3 টা চুক্তি সাপেক্ষ সীমা নিৰ্ধাৰণ কৰি দিয়া হয় ৷

সপ্তম সংশোধন (1956):
ভাষাৰ ভিত্তিত সমগ্ৰ দেশক 14 খন ৰাজ্য আৰু 6 টা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হয় ৷ এই ভাষাসমূহৰ সংৰক্ষণৰ বাবে 350-A অনুচ্ছেদত প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱা উচিত বুলি জনোৱা হৈছিল ৷

24 তম সংশোধন (1971):
সংবিধানৰ যিকোনো অংশ সংশোধনৰ ক্ষমতা লোকসভাৰ ওচৰত থাকে ৷ সংসদৰ দুয়োটা সদনে মঞ্জুৰ কৰাৰ পাচত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায় ৷

42 তম সংশোধন (1976):
'সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু সংহতি' শব্দকেইটাক প্ৰস্তাৱনাৰ সৈতে সংযুক্ত কৰা হৈছিল ৷
ইয়াৰ পাচতে নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভূক্ত কৰা হৈছিল ৷
ন্যায়িক পুনৰীক্ষণ আৰু লেখ আৱেদনৰ কাৰ্যবিৱৰণীৰ সময়ত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ পৰিধিসমূহত হ্ৰাস কৰা হয় ৷
ৰাষ্ট্ৰীয় আইন সেৱা ফাৰ্মৰ প্ৰতিষ্ঠা কৰা হয় ৷

44 তম সংশোধন (1978):
জৰুৰীকালীন ব্যৱস্থাৰ ঘোষণা কৰাৰ সময়ত নীতি অনুসৰি, 'আভ্যন্তৰীণ অশান্তি' শব্দটোৰ বিকল্প হিচাপে 'অস্ত্ৰধাৰী বিদ্ৰোহ' শব্দটো ব্যৱহাৰ কৰা হয় ৷
এই দফাত অন্তৰ্ভূক্ত কৰা হৈছিল যে, ৰাষ্ট্ৰপতিয়ে জৰুৰীকালিন অৱস্থা তেতিয়ালৈকে ঘোষণা কৰিব নোৱাৰে যেতিয়ালৈকে কেন্দ্ৰীয় কেবিনেটে লিখিতভাৱে এই সম্পৰ্কত লিখিত প্ৰতিবেদনৰ জৰিয়তে এই সম্পৰ্কে জানিবলৈ নিদিয়ে ৷
মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বহিস্কৃত কৰা হ'ল ৷

73, 74 তম সংশোধন (1978) :
স্থানীয় স্বায়ত্ব শাসনৰ আৰম্ভণি ৷ গ্ৰাম পঞ্চায়ত আৰু স্থানীয় নগৰ শাসকক সংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ল ৷ 'নগৰ পালিকা'ৰ সৈতে এক নতুন অংশ অন্তৰ্ভূক্ত কৰা হ'ল ৷ সকলো স্থানীয় নিকায়ৰ পোনপটীয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা ৷

86 তম সংশোধন (2002) :
এক নতুন অনুচ্ছেদ অন্তৰ্ভূক্ত কৰাৰ জৰিয়তে 6 ৰ পৰা 14 বছৰৰ শিশুসকললৈ শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি গণ্য কৰা হ'ল ৷ ইয়াৰ জৰিয়তে শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ল ৷

101 তম সংশোধন (2016) :
অনুচ্ছেদ 269-A আৰু 279-A ৰ পাতনিত জিএছটি (GST) ৰূপায়ন কৰা হয় ৷

102 তম সংশোধন (2018) :
পিছপৰা জনজাতিক ৰাষ্ট্ৰীয় আয়োগৰ জৰিয়তে সংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ল ৷
সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ অভিযোগ আৰু উন্নয়নৰ বাবে এই আয়োগক অধিকাৰ প্ৰদান কৰা হৈছে ৷

103 তম সংশোধন (2019) :
সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ (EWS) শিক্ষা আৰু চাকৰিৰ বাবে 10 শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৷

ভোটদানৰ বয়সসীমা 18 বছৰলৈ হ্ৰাস :
1988 চনত ৰাজীৱ গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ সময়ত 61 সংখ্যক সংবিধান সংশোধনৰ জৰিয়তে ভোদটানৰ বয়সসীমা 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় ৷ ইয়াৰ জৰিয়তে যোগ্য নেতা বাচনি কৰি উলিয়াবলৈ যুৱচামক সুবিধা প্ৰদান কৰা হয় ৷

আৰু পঢ়ক : গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড আৰু মুম্বাই চিটিৰ মহাৰণ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details