অসম

assam

ETV Bharat / bharat

ভাৰতৰ ক'ভিড-19ৰ শেহতীয়া তথ্য - ক‘ভিড-19 ৰ সক্ৰিয়া ঘটনা

বিগত 11 দিনত দেশত 1 কোটি কৰ‘ণাৰ পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 5.89 শতাংশ লোকৰ শৰীৰত হে কৰ‘ণাৰ অৱস্থিতি ধৰা পৰে ৷ ভাৰতৰ মুঠ 2299 খন গৱেষণাগাৰত কৰ‘ণাৰ নমুনা পৰীক্ষণ কৰি থকা হৈছে ৷

Consistent fall in India's active caseload due to decline in daily infections: Health ministry
ভাৰতৰ ক'ভিড-19ৰ শেহতীয়া তথ্য

By

Published : Jan 4, 2021, 3:41 PM IST

নিউজ ডেস্ক, 4 জানুৱাৰী : ভাৰতত দৈনিক ক‘ভিড-19 ত আক্ৰান্তৰ সংখ্যা কমি অহাত এতিয়া ক‘ভিড-19 ৰ সক্ৰিয়া ঘটনাৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে ৷ কৰ‘ণাত মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা 2.36 শতাংশলৈ অৱনমিত হৈছে ৷ তদুপৰি কৰ‘ণা পৰীক্ষাৰ ক্ষেত্ৰত পজিটিভ ৰোগীৰ সংখ্যা 5.89 শতাংশলৈ হ্ৰাস হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে সদৰি কৰে এই তথ্য ৷

ভাৰতত এই পৰ্যন্ত 17.5 কোটি লোকৰ ক‘ভিড-19 ৰ পৰীক্ষা কৰা হৈছে তথা দেওবাৰৰ দিনটোতে দেশৰ 7.35.978 গৰাকী লোকৰ ক‘ৰণাৰ নমুনা পৰীক্ষা কৰা হয় ৷

স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে, বিগত 11 দিনত দেশত 1 কোটি কৰ‘ণাৰ পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 5.89 শতাংশ লোকৰ শৰীৰত হে কৰ‘ণাৰ অৱস্থিতি ধৰা পৰে ৷ ভাৰতৰ মুঠ 2299 খন গৱেষণাগাৰত কৰ‘ণাৰ নমুনা পৰীক্ষণ কৰি থকা হৈছে ৷ তদুপৰি ভাৰতত আজিৰ তাৰিখত 2,43,956 গৰাকী কৰ‘ণাৰ সক্ৰিয় ৰোগী থকাৰ কথা সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

লগতে পঢ়ক: বিজেপি নেতাৰ হত্যাঃ ওড়িশাৰ আইন মন্ত্ৰীসহ ১৩ জনৰ বিৰুদ্ধে অভিযোগ

ABOUT THE AUTHOR

...view details