নিউজ ডেস্ক,১৩ জুনঃ নেপালত বিলুপ্তপ্ৰায় হৈ অহা পাণ্ডাৰ নিৰীক্ষণ চেটেলাইটৰ জৰিয়তে কৰিব বুলি এক সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে । দুৰ্লভ প্ৰজাতিৰ প্ৰাণী বিধৰ বছৰে বছৰে কমি আহিছে বিশ্বত সংখ্যা বি বি চিৰ এক সমীক্ষাত প্ৰকাশ পাইছে শুকুৰবাৰে ।
নেপালত পাণ্ডাৰ নিৰীক্ষণ কৰিব চেটেলাইটৰ জৰিয়তে - ভালুকক নিৰিক্ষন কৰিব
নেপালত বিলুপ্ত হ'ব ধৰা পাণ্ডা সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰখনে । চোৰাং চিকাৰীয়ে হত্যা কৰিব নোৱাৰে আৰু মুক্ত মনে অৰণ্যত বিচৰণ কৰিব পাৰে তাৰ বাবে চেটেলাইটৰ জৰিয়তে নিৰীক্ষণ কৰিব সমগ্ৰ অঞ্চল ।
![নেপালত পাণ্ডাৰ নিৰীক্ষণ কৰিব চেটেলাইটৰ জৰিয়তে নেপালত পাণ্ডাৰ নিৰীক্ষণ কৰিব চেটেলাইটৰ জৰিয়তে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-03:35-7599755-pic.jpg)
নেপালত পাণ্ডাৰ নিৰীক্ষণ কৰিব চেটেলাইটৰ জৰিয়তে
ইতিমধ্যে দ'হটা ৰঙা পাণ্ডা নিৰীক্ষণত ৰাখিছে চেটেলাইটৰ জি পি এছৰ জৰিয়তে । বিশেষ গুৰুত্ব প্ৰদান কৰিছে নেপাল চৰকাৰে যাতে প্ৰাণী বিধৰ সংৰক্ষণ কৰিব পাৰে তাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে নেপাল চৰকাৰে ।