নিউজ ডেস্ক, ২৮ জনঃ পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ ২৯ জুনত ৰাজধানী চহৰ দিল্লীত প্ৰতিবাদত বহিব কংগ্ৰেছ দলৰ নেতা-কৰ্মী । দলটোৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপালে প্ৰকাশ কৰে এই কথা । উক্ত দিনটোতে কংগ্ৰেছে ছ'চিয়েল মিডিয়াত "Speak up on petroleum prize hike" শীৰ্ষক এক অভিযান আৰম্ভ কৰিব বুলিও জানিব পৰা গৈছে ।
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ২৯ জুনত দিল্লীত কংগ্ৰেছৰ প্ৰতিবাদ - protest against increasing rate of petrol diesel
বিগত ২১ দিনে দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। ৭ জুনৰ পৰা প্ৰতিদিনে পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈ মুঠ ৯.১২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য মুঠ ১১.০১ টকা বৃদ্ধি হৈছে ।

২৯ জুনত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি চৌধুৰী অনিল কুমাৰ আৰু উপসভাপতি দত্ত অভিষেকে আজি নতুন দিল্লী আৰু পশ্চিম দিল্লী লোকসভাৰ সকলো জিলা সভাপতি আৰু ব্লক সভাপতিৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং যোগে আলোচনাত মিলিত হয়।
উল্লেখ্য যে, বিগত ২১ দিনে দেশজুৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । ৭ জুনৰ পৰা প্ৰতিদিনে পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈ মুঠ ৯.১২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য মুঠ ১১.০১ টকা বৃদ্ধি হৈছে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ'লৰ আৰু ডিজেলত উৎপাদন শুল্ক বৃদ্ধি কৰা আৰু তেল বিপনন কোম্পানীয়ে মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকলৈ থেলি দিয়াৰ বাবেই দেশত আকাশলংঘী হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য় ।