নিউজ ডেস্ক, 21 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে উত্তৰ - পূৱ ভাৰতৰ লোকক আশ্বাস দিয়ে যে, কংগ্ৰেছে ভাৰতীয় জনতা দলক নাগৰিকত্ব সংশোধনী বিধেয়কসংসদত উত্থাপন কৰিবলৈ নিদিয়ে ৷ ৰাজ্যসভাত যিদৰে বিল গৃহীত হ'বলৈ নিদিলে সেইদৰে লোকসভাতোউত্থাপন কৰিবলৈ নিদিয়ে আৰু নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব কংগ্ৰেছে৷
সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব কংগ্ৰেছে !
আগৰতলাত এখন জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে জনায় যে কংগ্ৰেছে ভাৰতীয় জনতা দলক নাগৰিকত্ব সংশোধনী বিল সংসদত উত্থাপন কৰিবলৈ নিদিয়ে ৷ নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ আশ্বাস ৰাহুল গান্ধীৰ ৷
RAHUL GANDHI
আগৰতলাত বুধবাৰে এখন গণসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিল সংসদত উত্থাপন কৰিবলৈ বিজেপিক কেতিয়াও সুযোগ প্ৰদান নকৰে ৷ উত্তৰ - পূৱ ভাৰতত নাগৰিকত্ব সংশোধনী বিল নাথাকে বুলি আশ্বাস দিয়ে কংগ্ৰেছসভাপতি গৰাকীয়ে ৷