অসম

assam

By

Published : Aug 24, 2020, 3:12 PM IST

ETV Bharat / bharat

ৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা

ইয়াৰ পূৰ্বে চিঠি লিখাসকলৰ বিৰুদ্ধে মন্তব্য কৰি ৰাহুল গান্ধীয়ে ইয়াৰ টাইমিঙৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ৷ ছোনিয়া গান্ধী অসুস্থ থকা কালছোৱাত চিঠি লিখাৰ কি প্ৰয়োজন আছিল বুলি কয় ৷

Congress veterans hit out at Rahul over 'colluding with BJP' remark
ৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা

নতুন দিল্লী, 24 আগষ্ট: কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত নেতা সকলৰ পৰস্পৰৰ মাজত সংঘাত পোহৰলৈ আহিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈঠকত অভিযোগ উত্থাপন কৰে যে, ' যিসকলে এতিয়া চিঠি লিখিছে সেইসকল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিলি আছে ৷ ' এই মন্তব্যৰ পাছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিব্বলে বৈঠকৰ মাজতে টুইট কৰে ৷

তেখেতে নিজৰ টুইটত লিখিছে "ৰাহুল গান্ধীয়ে কৈ আছে আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিলি আছো ৷ মই ৰাজস্থান উচ্চ ন্যায়ালয়ত কংগ্ৰেছ পক্ষৰ হৈ সঠিক পক্ষ ৰাখিছো ৷ মণিপুৰত দলক বচাইছো ৷ বিগত 30 বছৰ ধৰি এনেকুৱা কোনো মন্তব্য কৰা নাই যাৰ ফলত যিকোনো প্ৰসংগতে ভাৰতীয় জনতা পাৰ্টীৰ সহায় হৈছে ৷ তাৰ পাছতো কোৱা হৈছে আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিলি আছো ৷"

তদুপৰি সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, কংগ্ৰেছৰ আৰু এজন জ্যেষ্ঠ নেতা গোলাম নবী আজাদে কয় যে, তেখেত যদি যিকোনো প্ৰকাৰে বিজেপিৰে সৈতে জড়িত আৰু ইয়াৰ সত্যসত্যতা প্ৰমাণিত হয় তেন্তে তেওঁ পদত্যাগ কৰিব ৷

উল্লেখ্য যে, কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সংঘাতপূৰ্ণ বৈঠকত সোমবাৰে ৰাহুল গান্ধীয়ে চিঠি লিখা সকলো নেতাক বিজেপিৰ এজেণ্ট আখ্যা দিছিল ৷

ইয়াৰ পূৰ্বে চিঠি লিখাসকলৰ বিৰুদ্ধে মন্তব্য কৰি ৰাহুল গান্ধীয়ে ইয়াৰ টাইমিঙৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ৷ ছোনিয়া গান্ধী অসুস্থ থকা কালছোৱাত চিঠি লিখাৰ কি প্ৰয়োজন আছিল বুলি কয় ৷

লগতে পঢ়ক: CWC বৈঠকৰ পূৰ্বে কংগ্ৰেছৰ আভ্ৰন্তৰীণ মহলত অধ্যক্ষ পদৰ বাবে চৰ্চা

ABOUT THE AUTHOR

...view details