অসম

assam

ETV Bharat / bharat

এন আৰ চিৰ পুনৰ ৰূপায়ণৰ বিৰোধিতা কৰিব কংগ্ৰেছে

এন আৰ চি অসমত পুনৰ ৰূপায়ণ কৰিলে প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷

By

Published : Nov 20, 2019, 10:15 PM IST

ৰিপুন বৰা

নেশ্যনেল ডেস্ক 20 নৱেম্বৰ :বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক (NRC) সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত পুনৰ ৰূপায়ণৰ কথা সংসদত উত্থাপন কৰাৰ পাচতে কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰিছিল ৷ এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ তেওঁ কয়, "আমি অসমত এন আৰ চি (NRC) পুনৰ ৰূপায়ণৰ বিৰোধিতা কৰিম ৷" অবৈধ নাগৰিকৰ ভাৰ বহন কৰি থকা এখন ৰাজ্যই পুনৰ এই ভাৰ বহন কৰিবলৈ সক্ষম নহয় ৷ 31 আগষ্টত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাচতে পুনৰবাৰ অবৈধ নাগৰিকক ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ৷

এন আৰ চিৰ পুনৰ ৰূপায়নৰ বিৰোধিতা কৰিব কংগ্ৰেছে

বৰাই কয়, "14 বছৰৰ দীঘলীয়া সময়ৰ অন্তত এন আৰ চি ৰূপায়ণ কৰাৰ লগতে প্ৰকাশ কৰা হয় ৷ এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় 1600 কোটি টকাখৰচ কৰাৰ লগতে প্ৰায়55,000 চৰকাৰী বিষয়াক ব্যস্ত কৰি ৰখা হয় ৷" অসম চুক্তি অনুসৰি, অবৈধ বিদেশীৰ বাবে1971 চনৰ 25 মাৰ্চৰ দিনটো ভিত্তিবৰ্ষ হিচাপে ধায্য কৰিছিল যদিও চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত একেটা ভিত্তিবৰ্ষ ধায্য কৰিব নালাগে বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷

উল্লেখ্য যে, 31 আগষ্টত 19 লাখ লোকক এন আৰ চিৰ পৰা বাদ দি অসম চৰকাৰে চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল ৷ "যিসকল ভাৰতীয় নাগৰিকে এন আৰ চিৰ পৰা বাদ পৰিছিল এতিয়া চৰকাৰে সেইসকলক বিচাৰি উলিয়াই তালিকাত স্থান প্ৰদান কৰিব লাগে ৷"বুলি মন্তব্য কৰে বৰাই ৷ বহু বছৰজোৰা অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত 1985 চনত ভাৰত চৰকাৰ,অসম চৰকাৰ আৰু আছুৰ মাজত অসম চুক্তি সাক্ষৰিত হৈছিল ৷ এই ঐতিহাসিক চুক্তিৰ এটা ধাৰাৰ ওপৰত ভিত্তি কৰিয়ে অসমত এন আৰ চি ৰূপায়ণ কৰা হৈছিল ৷ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল ৷ কিন্তু অমিত শ্বাহে ৰাজ্যসভাত শেহতীয়াকৈ কৰা মন্তব্যৰ পাচতে সমগ্ৰ ভাৰততে প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে,তেওঁৰ চৰকাৰে ৰাজ্যখনত এন আৰ চিৰ দায়িত্ব গ্ৰহণ নকৰে ৷ লগতে তেওঁ মন্তব্য কৰিছিল যে,এন আৰ চি আৰু কেবৰ নামত মোডী চৰকাৰে 'ধৰ্মীয় ৰাজনীতি' চলাইছে ৷

আৰু পঢ়ক : গোলাঘাটত ধন লুট: দৃশ্য বন্দী CCTV কেমেৰাত

For All Latest Updates

ABOUT THE AUTHOR

...view details