অসম

assam

ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে বিহাৰত কংগ্ৰেছৰ বিশাল ভাৰ্চুৱেল ৰেলী - বিহাৰ ক্ৰান্তি ভাৰ্চুৱেল মহাসন্মিলন

বিহাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ জনসাধাৰণৰ মাজত উপস্থিত হোৱাৰ লক্ষ্যৰে বিহাৰত অনুষ্ঠিত কৰা হৈছে বিশাল ভাৰ্চুৱেল সন্মিলন ৷ এই মহা সন্মিলনখন দুটা পৰ্যায়ত বিধাসভা সমষ্টি ভিত্তিত অনুষ্ঠিত কৰা হ’ব ৷

Congress to launch mega convention in Bihar with eye on polls
বিহাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

By

Published : Sep 7, 2020, 12:57 PM IST

নেশ্যনেল ডেক্স, 7 ছেপ্তেম্বৰঃ সোমবাৰে বিহাৰত এক বিশাল ভাৰ্চুৱেল সন্মিলন উদ্বোধন কৰিব কংগ্ৰেছ দলে ৷ বিহাৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই জনসাধাৰণৰ মাজত উপস্থিত হোৱাৰ লক্ষ্যৰে এই সন্মিলনখন অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে দলটোৰ মুখপাত্ৰই ৷

কোভিড-19ক নজৰত ৰাখিয়ে দক্ষিণ চম্পৰনত ‘বিহাৰ ক্ৰান্তি ভাৰ্চুৱেল মহাসন্মিলন’খন অনুষ্ঠিত কৰা হ’ব বুলি দেওবাৰে জনাইছিল দলৰ মুখপাত্ৰ বিনোদ ৰাথোৰে ৷ এই মহা সন্মিলনখন দুটা পৰ্যায়ত বিধাসভা সমষ্টি ভিত্তিত অনুষ্ঠিত কৰা হ’ব ৷

প্ৰথম পৰ্যায়ত সন্মিলনখন 16 ছেপ্তেম্বৰ পৰ্যন্ত উত্তৰ বিহাৰৰ 19খন জিলাৰ 84 টা সমষ্টিত অনুষ্ঠিত কৰা হ’ব ৷ আনহাতে, দক্ষিণ বিহাৰৰ 19 খন জিলাত অনুষ্ঠিত হ’বলগীয়া সন্মিলনৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব ৷

দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু বিহাৰৰ ইনচাৰ্জ শক্তি সিং গোহিল আৰু সম্পাদক অজয় কাপুৰে নতুন দিল্লীৰ পৰা সম্বোধন কৰিব সন্মিলনখন ৷ ইয়াৰ উপৰিও স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ অবিনাশ পাণ্ডে, সাংসদ ৰাজ বব্বৰ, সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰধান সুস্মিতা দেৱেও দিল্লীৰ পৰাই অংশগ্ৰহণ কৰিব সন্মিলনখনত ৷

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি মদন মোহন ঝা, কংগ্ৰেছৰ বিধানয়িনী দলৰ নেতা সদানন্দ সিং, বিহাৰ কংগ্ৰেছ প্ৰচাৰ সমিতিৰ অধ্যক্ষ অখিলেশ প্ৰসাদ সিং আৰু অন্যান্য নেতাসকলে পাটনাৰ ৰাজ্যিক মুখ্যকাৰ্যালয়ৰ পৰা সন্মিলনত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক-আদালতত বিবাহ বিচ্ছেদৰ আবেদন সাংসদৰ

ABOUT THE AUTHOR

...view details