নেশ্বনেল ডেস্ক, 30 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি চৰকাৰৰ হিটলাৰী প্ৰশাসনৰ নীতিৰ বলি হোৱা লোকসকলক কংগ্ৰেছে আইনী সহায় আগবঢ়াব ৷ তথ্য অনুসৰি, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত কংগ্ৰেছৰ লগত জড়িত অধিবক্তাসকলৰ লগত এক বৈঠক অনুষ্ঠিত কৰিছে ৷
CAA বিৰোধী আন্দোলনত কাৰাৰুদ্ধসকলক আইনী সহায় আগবঢ়াব কংগ্ৰেছে - সংশোধিত নাগৰিকত্ব আইন
সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি চৰকাৰৰ ক্ষোভৰ বলি হোৱা লোক সকলৰ কাষত ঠিয় দিব কংগ্ৰেছ দল ৷ ইতিমধ্যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত কংগ্ৰেছৰ লগত জড়িত অধিবক্তাসকলৰ লগত এক বৈঠক অনুষ্ঠিত কৰিছে ৷
বৈঠকখনত প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে যে, তেওঁলোকৰ দলটোৱে এই আন্দোলনত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা লোক সকলক আইনী সহায় আগবঢ়াব আৰু দলটোৱে ভুক্তভোগী লোকসকলৰ কাষত ঠিয় দিব ৷ উল্লেখ্য যে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে উত্তৰ প্ৰদেশত CAA প্ৰতিবাদকাৰী সকলৰ সমৰ্থনত সক্ৰিয় হৈ থকা পৰিলক্ষিত হৈছে ৷ CAA বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰিয়ালৰ লগতো তেওঁ বৈঠক কৰিছে ৷ ইপিনে, কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এই অভিযোগ কৰিছিল যে, তেওঁৰ এই আন্দোলন ৰোধ কৰিবলৈ স্থানীয় আৰক্ষীয়ে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল ৷ অৱশ্যে আৰক্ষীয়ে এই অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰে ৷ উল্লেখ্য যে, ৰাজ্যখনত ৰাজনীতিয়ে চৰম সীমা পাৰ কৰাৰ সময়তে কংগ্ৰেছে CAAৰ বিৰোধ কৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক - বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'