অসম

assam

ETV Bharat / bharat

দল-বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছে বহিষ্কাৰ কৰিলে সঞ্জয় ঝাক - কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ

কংগ্ৰেছ দলৰ প্ৰাক্তন মুখপাত্ৰ সঞ্জয় ঝাক মঙলবাৰে দলটোৰ পৰা বহিষ্কাৰ কৰা হয় ৷ কংগ্ৰেছৰ সংবিধানবিৰোধী আৰু দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয় ৷

Congress suspends Sanjay Jha for 'anti-party activities'
দল-বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছে বহিষ্কাৰ কৰিলে সঞ্জয় ঝাক

By

Published : Jul 15, 2020, 4:51 AM IST

নিউজ ডেস্ক, 15 জুলাই :জ্যেষ্ঠ কংগ্ৰেছী তথা দলটোৰ প্ৰাক্তন মুখপাত্ৰ সঞ্জয় ঝাক মঙলবাৰে কংগ্ৰেছৰ দলৰ পৰা অব্যাহতি দিয়া হয় ৷ দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযছোগত মঙলবাৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় সঞ্জয় ঝাক ৷ কংগ্ৰেছ দলৰ মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই কথা প্ৰকাশ কৰিছে ৷

কংগ্ৰেছৰ সমালোচনা কৰি সংবাদমাধ্যমত লিখা এক প্ৰৱন্ধৰ পিচতেই দলে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহাৰাষ্ট্ৰ কংগ্ৰেছ প্ৰধান বালাচাহেব থাৰোটে এই বিজ্ঞপ্তি জাৰী কৰি তৎকালীনভাৱে বলৱৎ হোৱাকৈ সঞ্জয় ঝাক দলৰ পৰা বহিষ্কাৰ কৰাৰ বিষয়ে উল্লেখ কৰে ৷

মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন চৰকাৰত মিত্ৰজোটৰ এগৰাকী মন্ত্ৰী হৈছে থাৰোট ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইংৰাজী বাতৰি কাকত এই প্ৰৱন্ধটো প্ৰকাশ পোৱাৰ পিচতেই বিগত মাহত ঝাক কংগ্ৰেছৰ মুখপাত্ৰ পদৰ পৰাও অব্যাহতি দিয়া হৈছিল ৷

আনহাতে দলৰ এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ দলবিৰোধী কাৰ্যকলাপৰ বিষয়ে আচৰিত বুলি কয় ৷ তেওঁ মাত্ৰ এখন সংবাদ বিজ্ঞপ্তি দেখা বুলি কয় ৷ ইয়াৰ বিপৰীতে দলে তেওঁৰ ওচৰলৈ আহি এইসমূহ তেওঁ সংঘটিত কৰা অভিযোগ আৰু যাৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি কংগ্ৰেছক সাহস দেখুৱাবলৈ কয় ৷

লগতে পঢ়কঃআৰ্মীৰ পিচত এইবাৰ অৰ্ধসামৰিক বাহিনীতো ফেচবুক ব্যৱহাৰৰ বন্ধৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details