নেশ্যনেল ডেস্ক, 2 ডিচেম্বৰ: দিল্লীৰ বাৱানা অঞ্চলত অনুষ্ঠিত জনসভাত বাৱানা বিধানসভাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুৰেন্দ্ৰ কুমাৰৰ জিভা পিছল খালে ৷ প্ৰিয়ংকা গান্ধীৰ পৰিৱৰ্তে 'প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ' ধ্বনি দিলে সুৰেন্দ্ৰ কুমাৰে ৷ দিল্লী প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ সুভাষ চোপ্ৰাৰ উপস্থিতিত এই মন্তব্য কৰে নেতাগৰাকীয়ে ৷ ইয়াৰ পাচতে তেওঁ ক্ষমা ভিক্ষা কৰে যদিও সমগ্ৰ কাণ্ড ইতিমধ্যেই কেমেৰাত বন্দী হৈ পৰে ৷
প্ৰিয়ংকা গান্ধী নে চোপ্ৰা ? সভাৰ মাজতে অথন্তৰ - Priyanka Chopra
সকলো খেলি মেলি, কি হৈ গ'ল গমকে নাপালে ৷ ক'ব লাগিছিল কি, কৈ দিলে কি ? পয়মাল ৷ দিল্লীৰ বৱানাত অনুষ্ঠিত এক জনসভাত লাগিল খেলি মেলি ৷ প্ৰিয়ংকা গান্ধীৰ পৰিৱৰ্তে 'প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ' উচ্চাৰণ কৰিলে বৱানাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুৰেন্দ্ৰ কুমাৰে ৷
'প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ' ধ্বনি
সমগ্ৰ ঘটনা বাৱানাৰ লগতে দিল্লীত চৰ্চিত হৈ পৰে যদিও বৰ্তমানেও কংগ্ৰেছ দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
আৰু পঢ়ক : ওড়িশাত কোণাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ
Last Updated : Dec 2, 2019, 12:51 PM IST