অসম

assam

কেব সন্দৰ্ভত অনমনীয় স্থিতিত অটল কংগ্ৰেছ

By

Published : Dec 1, 2019, 12:35 AM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত উত্তৰ-পূবৰ ৰাজনৈতিক প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বৈঠক সম্পন্ন ৷ বিধেয়ক বিৰোধী পূৰ্বৰ স্থিতিত অটল কংগ্ৰেছ ৷

Congress stand rigid to oppose CAB
কেব সন্দৰ্ভত অনমনীয় স্থিতিত অটল কংগ্ৰেছ

নেছনেল ডেস্ক,30 নৱেম্বৰঃ শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিসকলৰ কেব সন্দৰ্ভত বিস্তৃত আলোচনা কৰে ৷

বৈঠকত অংশগ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকীয়ে কয়,"কেব সন্দৰ্ভত আমাৰ বিৰোধিতা অব্যাহত থাকিব ৷ যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেব 2016 ৰ কিছু সংশোধন ঘটাই এইবাৰ এই বিধেয়ক উত্থাপন কৰাৰ কথা ব্যক্ত কৰিছে ৷"

অমিত শ্বাহে উত্তৰ-পূবৰ জনজাতিসকলক সুৰক্ষা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে ৷

ইফালে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাইয়ে উত্তৰ-পূবত অশান্তিৰ জন্ম দিব বুলি মন্তব্য কৰিছে ৷

তেওঁ কয় যে কেবে উত্তৰ-পূবৰ খিলঞ্জীয়াসকলৰ মনত অসুৰক্ষাৰ জন্ম দিব ৷

কেব সন্দৰ্ভত অনমনীয় স্থিতিত অটল কংগ্ৰেছ

ইফালে কেব সন্দৰ্ভত শংকা দূৰীকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ইয়াৰ মূল সহযোগীসকলৰ সৈতে নতুন দিল্লীত বৈঠকত মিলিত হয় ৷

অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা স্বৰূপে কংগ্ৰেছে আগতীয়াকৈয়ে উক্ত বৈঠকৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল ৷

বৰং কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কংগ্ৰেছ নেতাসকলৰ সৈতে মিলিত হৈ সদনত কেব বিৰোধিতা কৰাৰ কথা উল্লেখ কৰিছে ৷

আৰু পঢ়ক বৰ্তমান দেশ সংকটতঃ জয়ৰাম ৰমেশ

ABOUT THE AUTHOR

...view details