চেন্নাই,12 নৱেম্বৰ:বিহাৰ নিৰ্বাচনৰ বিফলতাই তামিলনাডুত কংগ্ৰেছৰ বাবে বিপৰ্যয় মাতি আনিব পাৰে ৷ পুৰণি দলটোৰ দুৰ্বল প্ৰদৰ্শনে তামিলনাডুত দ্রাবিড় মুন্নেত্র কড়গম (ডিএমকে) দলক কংগ্ৰেছৰে সৈতে মিত্ৰতা কৰা বা নকৰাক লৈ পুনৰ বিবেচনা কৰিবলৈ ভবাই তুলিব বুলি আশংকা কৰা হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত হিচাবৰ পৰা প্ৰায় বাদ পৰা কংগ্ৰেছ দল এতিয়া 2021 ক শাসনলৈ অহাৰ বাবে লক্ষ্য স্থিৰ কৰি লোৱা ডিএমকে দলৰ পূৰ্ণ নিৰীক্ষণলৈ অহাৰ আশংকাই অধিক ৷
সদ্য ঘোষিত বিহাৰ নিৰ্বাচনৰ ফলাফল যেন 2016 চনত তামিলনাডুত ঘটা ঘটনাৰে এক পুনৰাবৃত্তি ৷ 2016 ৰ নিৰ্বাচনত কংগ্ৰেছে 41 আসনৰ বাবে প্ৰতিদ্বন্দীতা 33 খন আসনতে পৰাজয় বৰণ কৰি মাত্ৰ আঠখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ পৰিণতিত ডিএমকে দলে পৰাজয় বৰণ কৰিব লগা হৈছিল ৷ ৰাষ্ট্ৰীয় দলটোৰ ক্ৰমাৎ হ্ৰাস পাই অহা নিৰ্বাচনী প্ৰাসংগিকতা এতিয়া ডিএমকে দলৰ বাবে এক গভীৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ 2011 টো মিত্ৰতা কৰি কংগ্ৰেছে 63 খন আসনৰ বাবে প্ৰতিদ্বন্দীতা কৰি কেৱল 5 খন আসন লাভ কৰিছিল ৷