অসম

assam

ETV Bharat / bharat

কাশ্মীৰ সন্দৰ্ভত কংগ্ৰেছীয়ে সাক্ষাৎ কৰিলে ইংলেণ্ডৰ বিৰোধী দলপতিক - জম্মু-কাশ্মীৰৰ প্ৰসংগ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচতেই জম্মু-কাশ্মীৰক লৈ সক্ৰিয় হৈ পৰিছে কংগ্ৰেছ দল ৷ মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগ তুলি সংযুক্ত গণৰাজ্যৰ বিৰোধী দলপতিক সাক্ষাৎ কৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৷ অৱশ্যে বিগত 30 বছৰে কাশ্মীৰি পণ্ডিতৰ ওপৰত হৈ থকা অত্যাচাৰ তথা কিদৰে এৰাতিৰ ভিতৰতে পণ্ডিতসকলক কাশ্মীৰৰ পৰা খেদি পঠিওৱা হৈছিল সেই সন্দৰ্ভত কোনো প্ৰসংগ উত্থাপন নকৰিলে প্ৰতিনিধি দলটোৱে ৷

ইংলেণ্ডৰ বিৰোধী দলপতিৰ সৈতে কংগ্ৰেছৰ প্ৰতিনিধি দলটো

By

Published : Oct 10, 2019, 8:33 PM IST

নিউজ ডেস্ক, 10 অক্টোবৰঃজম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাৰ পিচতে মানৱ অধিকাৰৰ প্ৰসংগ লৈ অধিক সক্ৰিয় হৈ পৰিছে কংগ্ৰেছ দল ৷ আগষ্টৰ 5 তাৰিখৰ পিচৰে পৰাই দলটোৱে জম্মু-কাশ্মীৰত মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ কিন্তু এতিয়ালৈকে কংগ্ৰেছে বিগত 30 বছৰে কাশ্মীৰি পণ্ডিতসকলৰ সৈতে হৈ থকা অন্যায় আৰু তেওঁলোকৰ মানৱ অধিকাৰ সন্দৰ্ভত কোনো প্ৰসংগ উত্থাপন কৰাৰ পৰা বিৰত আছে ৷

অধিক পঢ়কঃ পাকিস্তানক মাছুদ আজহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আমেৰিকাৰ

শেহতীয়াকৈ কংগ্ৰেছ দলে জম্মু-কাশ্মীৰৰ প্ৰসংগ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ বাবে দলটোৱে বহুকেইখন দেশৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লৈছে ৷

কংগ্ৰেছ দলৰ এটি প্ৰতিনিধি দলে শেহতীয়াকৈ সাক্ষাৎ কৰে সংযুক্ত গণৰাজ্যৰ বিৰোধী দলপতি জেৰেমি কৰ্বিয়ানক ৷ লণ্ডনস্থিত জেৰেমি কৰ্বিয়ানৰ কাৰ্যালয়ত কংগ্ৰেছৰ আঠ-নজনীয়া এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰে বিৰোধী দলপতিগৰাকীক ৷ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে বিৰোধী নেতাগৰাকীৰ সৈতে জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ আলোচনাৰ মাজতে জম্মু-কাশ্মীৰত আগষ্টৰ 5 তাৰিখৰ পিচৰে পৰাই গুৰুতৰভাৱে মানৱ অধিকাৰ হৈ থকাৰ প্ৰসংগ উত্থাপন কৰে প্ৰতিনিধি দলটোৱে ৷

অধিক পঢ়কঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত-পাকিস্তানৰ সমস্যা আৰু চীন

কংগ্ৰেছৰ প্ৰতিনিধি দল আৰু জেৰেমি কৰ্বিয়ানৰ মাজত হোৱা আলোচনা সন্দৰ্ভত টুইট কৰে সংযুক্ত গণৰাজ্যৰ বিৰোধী দলপতিগৰাকীয়ে ৷ অৱশ্যে এই আলোচনাত বিগত 30 বছৰে কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত হোৱা নিৰ্মম অত্যাচাৰ আৰু মানৱ অধিকাৰ ভংগ প্ৰসংগত কোনো তথ্য উল্লেখ নকৰিলে কংগ্ৰেছী প্ৰতিনিধি দলটোৱে ৷

ABOUT THE AUTHOR

...view details