নেশ্যনেল ডেস্ক, ১৪ জুন: ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন তুলিছে বিৰোধী দল কংগ্ৰেছে । চীনে অনৈতিকতাৰে ভাৰতৰ ভূমি দখল কৰা সন্দৰ্ভত নিশ্চয় ৰহস্য লুকাই আছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ দলে । ভাৰতীয় মুখ্য সেনা বিষয়া এম. এম. নৰভানে জনোৱা মতে, সীমান্তৱৰ্তী এলেকাত চীনৰ সৈতে ভাৰতৰ স্থিতি নিয়ন্ত্ৰণত আছে আৰু ইতিমধ্যে বিচ্ছিন্ন প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই মোদী চৰকাৰক দোষাৰোপ কৰি কয় যে, ভাৰতৰ ভূমি চীনে দখল কৰা সন্দৰ্ভত ডাঙৰ ৰহস্য লুকুৱাই ৰাখিছে আৰু সেইবাবে ৰঙা চকুৰ মোদী চৰকাৰে মৌনতা অৱলম্বন কৰিছে । পংগোং হ্ৰদৰ পৰা শত্ৰুক ক'ত কেনেকৈ আঁতৰাব লাগে, এতিয়া মোদী চৰকাৰে জনাব নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । ইয়াৰোপৰি, এম. এম. নৰভানৰ ভাৰত-চীনৰ সীমাৰ বিচ্ছিন্নতাক মন্তব্যকো গুৰুত্ব সহকাৰে লয় ৰণদ্বীপ সূৰ্যেৱালাই ।