নিউজ ডেস্ক, ২ এপ্ৰিলঃ নিৰ্বাচনত জয়লাভ কৰি দিল্লীৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হ'লেই সংশোধন কৰা হ'ব সামৰিক বাহিনী বিশেষ ক্ষমতা আইন । মঙলবাৰে নতুন দিল্লীত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছে কংগ্ৰেছ দলে ।
ক্ষমতালৈ আহিলেই সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ সংশোধনী কৰিব কংগ্ৰেছে - সাধাৰণ নিৰ্বাচন
মঙলবাৰে নতুন দিল্লীত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ সময়তে ঘোষণা কৰিছে এই কথা
বিদ্ৰোহ আৰু সন্ত্ৰাসবাদ দমনৰ বাবে সশস্ত্ৰ বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা সামৰিক বাহিনীৰবিশেষ ক্ষমতা আইন ১৯৫৮ এখন বিতৰ্কিত তথা ক'লা আইন । সন্ত্ৰাসবাদ দমনৰ নামত সামৰিক বাহিনীয়ে বহুসময়ত এই আইনৰ অপ-প্ৰয়োগ বিশেষকৈ বিদ্ৰোহীৰে ভৰপূৰ উত্তৰ-পূৰ্বাঞ্চলত বহুবাৰ ইয়াৰ অপ-প্ৰয়োগ কৰা হৈছে । কংগ্ৰেছে দলটোৰ নিৰ্বাচনী ইস্তাহাৰত এই বিতৰ্কিত আইনখনৰ সংশোধন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । জম্মু কাশ্মীৰ, নাগালেণ্ড আৰু মনিপুৰ তথা অসম-অৰুণাচলৰ "উত্তেজনাপূৰ্ণ" অঞ্চলত লাঘৱ হৈ থকা এই আইনখনে মানৱ অধিকাৰৰ লগতে যৌন হিংসা আৰু অন্যান্যধৰণে সাধাৰণ জনতাক হাৰাশাস্তি কৰি আহিছে ।