নিউজ ডেস্ক, 14 ডিচেম্বৰ:শনিবাৰে নতুন দিল্লীৰ ৰামলীলা মৈডানত অনুষ্ঠিত"BHARAT BACHAO"সমদলত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ কেইবাগৰাকীও জেষ্ঠ নেতা ৷ এই অনুষ্ঠানৰ মূল উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ বিভেদমূলক আৰু কূটাঘাটমূলক কামৰ বিৰোধিতা কৰা ৷ "BHARAT BACHAO" সমদলত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী,কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী,জেষ্ঠ কংগ্ৰেছ নেতা মনমোহন সিঙৰ লগতে কংগ্ৰেছ নেতা কমল নাথে ভিন্ন মন্তব্য আগবঢ়াই ৷
ছোনিয়া গান্ধী:যদিহে দেশখন ৰক্ষা কৰিব লাগে তেন্তে প্ৰতিজনে কঠোৰ সংঘৰ্ষ কৰিব লাগিব ৷ যুৱ প্ৰজন্মই নিজ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ দেখিছে,কৃষকসকলৰ সমস্যা দিনে দিনে ইমান বাঢ়ি গৈছে যে তেওঁলোকৰ বাবে জীয়াই থকাটো অতি কঠিন হৈ পৰিছে ৷"SABKA SATH SABKA BIKASH"বাক্যশাৰীক কিমান অনুশৰণ কৰিছে তেওঁলোকে ? ক'লা টকাক ৰোধ কৰিবলৈ বিমুদ্ৰাকৰণ কৰিছিল চৰকাৰখনে বাহিৰলৈ আহিল নে ক'লা টকাসমূহ ? বৰ্তমানৰ সময় এনেকুৱা যে যাৰ যিকোনো আইন বলবৎ কৰাৰ অধিকাৰ আছে সকলোৰে ৷ এওঁলোকে প্ৰতিদিনে সংবিধানখনক অৱমাননা কৰে সেয়ে মোদী আৰু শ্বাহে সংশোধনী আইনখন বলবৎ কৰিলে যাতে সম্পৰ্ণ ভাৰতবৰ্ষ নিঃশেষ হৈ যায় ৷ জনতাৰ মাজত কাজিয়া লগাই নিজৰ ভূলসমূহ লুকুৱাই ৰখাটোৱে মোদী আৰু শ্বাহৰ মূল এজেণ্ডা ৷
কমল নাথ:আমাৰ কৃষকসকলেও আজি ন্যায় বিচাৰিছে যাৰ জন্মও ঋণত হয় আৰু মৃত্যুও ঋণত হয় ৷ মোদী জি আপুনি ৰাষ্ট্ৰীয়তাবাদৰ শিক্ষা কাক দিব বিচাৰিছে ? কোনোবাই এওঁক প্ৰশ্ন কৰক যে এওঁ কিমানজন মুক্তিযুদ্ধা দেশলৈ আৱদান দিছে ?