অসম

assam

By

Published : Jan 8, 2021, 7:38 PM IST

ETV Bharat / bharat

কলকাতাত বাওঁপন্থী দল আৰু কংগ্ৰেছে আয়োজন কৰিছে বিশাল ৰেলীৰ

বৃহস্পতিবাৰে পশ্চিম বংগৰ আগন্তুক নিৰ্বাচনত নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত বাওঁপন্থী দল আৰু কংগ্ৰেছ দলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় ৷ সভাখনত আসন সম্পৰ্কীয় আলোচনাৰ লগতে কলকাতাত ফেব্ৰুৱাৰী মাহত চি পি আই (এম)ৰ নেতৃত্বত বাওঁপন্থী দল আৰু কংগ্ৰেছে এক বিশাল ৰেলীৰ আয়োজন সন্দৰ্ভতো আলোচনা কৰে ৷

কলকাতাত বাওঁপন্থী দল আৰু কংগ্ৰেছে আয়োজন কৰিছে বিশাল ৰেলীৰ
কলকাতাত বাওঁপন্থী দল আৰু কংগ্ৰেছে আয়োজন কৰিছে বিশাল ৰেলীৰ

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: পশ্চিম বংগৰ আগন্তুক নিৰ্বাচনত নিৰ্বাচনী মিত্ৰতাৰ বাবে চি পি আই (এম)ৰ নেতৃত্বত বাওঁপন্থী দল আৰু কংগ্ৰেছে কলকাতাত ফেব্ৰুৱাৰী মাহত এক বিশাল ৰেলীৰ আয়োজন কৰিব ৷ বাওঁপন্থী দলৰ অধ্যক্ষ বিমান বসুৱে কয় যে,বৃহস্পতিবাৰে আগন্তুক নিৰ্বাচনত নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত বাওঁপন্থী দল আৰু কংগ্ৰেছে আসন ভাগ বতোৱাৰা সম্পৰ্কীয় এখন সভাত মিলিত হয় ৷ সভাখনতে ৰাজনৈতিক দলকেইটাই আয়োজন কৰা বিশাল ৰেলী সম্পৰ্কেও আলোচনা কৰে ৷ সভাখনত কংগ্ৰেছ দলৰ বিধায়ক আব্দুল মান্নানো উপস্থিত থাকে ৷ এপ্ৰিল-মে' মাহত 294 টা সমষ্টিত অনুষ্ঠিত হ‘বলগীয়া বিধান সভা নিৰ্বাচনত আসন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ বাবে কংগ্ৰেছ হাই কমাণ্ড আৰু বাওঁপন্থী দলসমূহৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্য সমূহৰ প্ৰাথমিক গোট সমূহক নিৰ্দেশ জাৰি কৰিছে ৷

উল্লেখ্য যে , 2016 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বাওঁপন্থী দলে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰিছিল যদিও পাচলৈ তেওঁলোকৰ মিত্ৰতা ভংগ হোৱাত 2019 চনত অকলে লোকসভা নিৰ্বাচন খেলিছিল ৷ 2016 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে 76 খন আসন লাভ কৰাৰ পৰিৱৰ্তে বাওঁপন্থী দলে 44 খন আসন লাভ কৰে ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ 44 টাকৈ সমষ্টিত বাওঁপন্থী দলে ব্যৰ্থ হোৱাৰ লগতে কংগ্ৰেছ দলে দুখন লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক:বনকৰ্মীক অস্ত্ৰ-বুলেটপ্ৰুফ জেকেট প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ

ABOUT THE AUTHOR

...view details