অসম

assam

ETV Bharat / bharat

কংগ্ৰেছ নেতৃত্বই পাকিস্তানৰ পৰা নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হ’লে জয়ী হ’বঃ ৰাম মাধৱ

অসমৰ 10 খন আসনত জয়লাভ কৰিব বুলি দৃঢ় বিশ্বাসী বি জে পি

By

Published : Mar 24, 2019, 6:31 PM IST

কংগ্ৰেছ নেতৃত্বে পাকিস্তানৰ পৰা নিৰ্বাচনি যুজঁত অৱতীৰ্ণ হ’লে জয়ী হ’ব পাৰে: ৰাম মাধব

গুৱাহাটী, 24 মাৰ্চ : বিজেপিৰ সাধাৰন সম্পাদক ৰাম মাধৱেদেওবাৰে "কংগ্ৰেছ নেতৃত্বইপাকিস্তানৰ পৰা নিৰ্বাচনীযুজঁত অৱতীৰ্ণহ’লে জয়ী হ’ব পাৰে" বুলি মন্তব্য কৰে ৷ সাধাৰন সম্পাদক গৰাকীয়ে কয় যে কংগ্ৰেছৰ নেতা সকলৰ টুইট সমূহ ভাৰতত কৈ পাকিস্তানত বেছিকৈ ৰিটুইট কৰা হৈছে ৷ তেওঁ লগতে কয় যে কংগ্ৰেছ নেতৃত্ব সকলে নিজৰ স্থিতিক লৈ দোমোজাত পৰিছে ৷ তেওঁলোকে নিজেও গম নাপাই তেওঁলোকে ভাৰতৰ নে পাকিস্তানৰ হৈ কথা কৈ আছে ৷

উল্লেখ্য যে,কংগ্ৰেছ নেতৃত্বইভাৰতীয় সেনাৰ বাবে অপমানসূচক মন্তব্য আগবঢ়াইছিল যিয়ে ভাৰতীয় সেনাৰ গৰিমাত আঘাত হানিছে ৷ লগতে বিৰোধীপক্ষইভাৰতৰ সেনা বাহিনীৰ সামৰ্থক সন্দেহ কৰাইনহয় তেওঁলোকৰ সাহসিকতাকো নসাৎ কৰিছে বুলি উল্লেখ ৰাম মাধৱৰ ৷

ABOUT THE AUTHOR

...view details