নতুন দিল্লী,10 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মংগলবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজ অভিমত ব্যক্ত কৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ পি.এল.পুনিয়াই ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আমেৰিকাৰ ইউএছচিআইআৰএফে ভাৰতক তীব্ৰ সমালোচনা কৰা লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত এই কাৰ্যৰ বাবে প্ৰতিবন্ধকতা আৰোপ কৰিব লাগে বুলি মন্তব্য কৰিছিল ৷ আনহাতে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰত চৰকাৰৰ এই পদক্ষেপক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশে এক পদক্ষেপ বুলি মন্তব্য কৰিছিল ৷
কেব ভাৰতৰ আভ্যন্তৰীণ বিষয়; ইয়াকে লৈ বাহিৰৰ দেশৰ মন্তব্য নিষ্প্ৰয়োজনঃ পি.এল.পুনিয়া
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ স্থিতি ব্যক্ত কৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ পি.এল.পুনিয়াই ৷ কেবক লৈ পাকিস্তান আৰু আমেৰিকাৰ আন্তৰ্জাতিক সংস্থাৰ মন্তব্য সন্দৰ্ভত এই বিধেয়ক ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে ৷
ইফালে কংগ্ৰেছ সাংসদগৰাকীয়ে লোকসভাৰ লগতে ৰাজ্যসভাতো বিলখনৰ বিপক্ষে কংগ্ৰেছৰ বিৰোধী অৱস্থান অব্যাহত থাকিব বুলি মন্তব্য কৰে ৷ ৰাজ্যসভাত বিলখনৰ বিৰোধিতাৰ বাবে অন্যান্য দলসমূহৰ সৈতে কথা-বাৰ্তা চলি আছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ লগতে এই বিলখনে সংবিধানৰ মূল গাঁথনিক আঘাত কৰা বুলিও মন্তব্য কৰে ৷ ইফালে কেব সন্দৰ্ভত তেওঁ আৰু কয় যে, কেব উচ্চ সদনত গৃহীত হ'লেও ই ভাৰতৰ এক আভ্যন্তৰীণ বিষয় ৷ গতিকে এইক্ষেত্ৰত পাকিস্তান আৰু আমেৰিকাৰ মন্তব্যৰ নিষ্প্ৰয়োজন ৷
আৰু পঢ়ক কেবৰ বিৰোধিতাঃ চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰত্যাহাৰ পৰিচালক জাহ্নু বৰুৱাৰ