অসম

assam

ETV Bharat / bharat

জ্যোতিৰাদিত্য সিন্ধিয়া 'নিৰুদ্দেশ' হোৱাৰ পোষ্টাৰ আঁৰি গ্ৰেপ্তাৰ কংগ্ৰেছী নেতা - আৰক্ষী অধীক্ষক এম ৰজোৰিয়া

মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ হ'ল কংগ্ৰেছী নেতা সিদ্ধাৰ্থ সিং ৰাজাৱাট । বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া নিৰুদ্দেশ হৈ থকা আৰু নিৰুদ্দেশ সিন্ধিয়াক বিচাৰি উলিওৱাক ৫,১০০ টকা দিয়াৰ পোষ্টাৰ আঁৰি গ্ৰেপ্তাৰ হ'ল কংগ্ৰেছী নেতাগৰাকী ।

Congress leader arrested for pasting 'missing' posters of Scindia in MP
Congress leader arrested for pasting 'missing' posters of Scindia in MPCongress leader arrested for pasting 'missing' posters of Scindia in MP

By

Published : May 25, 2020, 8:25 AM IST

নিউজ ডেস্ক, ২৫ মে': দেওবাৰে বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া নিৰুদ্দেশ হৈ থকা আৰু নিৰুদ্দেশ সিন্ধিয়াক বিচাৰি উলিওৱাক ৫,১০০ টকা পুৰস্কাৰ দিয়া এক পোষ্টাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয় এজন কংগ্ৰেছী নেতাক । গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছী নেতাগৰাকী হৈছে সিদ্ধাৰ্থ সিং ৰাজাৱাট ।

বিজেপি কৰ্মীৰ গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে কংগ্ৰেছৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই কামৰ সৈতে জড়িত অন্যান্য অপৰাধীকো বিচাৰি তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে । এই কথা সদৰী কৰিছে ঝাঁচি ৰোড থানাৰ নগৰ আৰক্ষীৰ আৰক্ষী অধীক্ষক এম ৰজোৰিয়াই ।

উল্লেখ্য় যে, সিন্ধিয়াই শেহতীয়াকৈ ২২ গৰাকী বিধায়ক সহ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । ফলস্বৰূপে যোৱা ২০ মাৰ্চত মধ্যপ্ৰদেশত কংগ্ৰেছৰ কমল নাথ চৰকাৰে হেৰুৱাবলগীয়া হৈছিল শাসনভাৰ । আনহাতে ২৩ মাৰ্চত মধ্য়প্ৰদেশত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল বিজেপিৰ শিৱৰাজ সিং চৌহানে ।

ABOUT THE AUTHOR

...view details