নিউজ ডেস্ক,৩ জুলাইঃবৃহস্পতিবাৰে মহামাৰী COVID-19 ৰ পৰা আৰোগ্য হৈ উঠে হায়দৰাৱাদৰ এগৰাকী বৰ্ষীয়ান কংগ্ৰেছ নেতা আৰু তিনি গৰাকী আৰক্ষী বিষয়া । লগতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ভি হানুমন্থা ৰাও কৰ'ণা মুক্ত বুলি ঘোষণা কৰে স্বাস্থ্য বিভাগে ।
আনহাতে, কৰ'ণা মুক্ত হোৱা শিখা গোয়েল,ডিএছ চৌহান আৰু তৰুণ যোশীক পুনৰ হায়দৰাবাদ আৰু তেলেংগানা আৰক্ষীয়ে ফায়াৰিং ৰেঞ্জত অন্তৰ্ভুক্ত কৰে বুলি জানিবলৈ দিয়ে । এই আৰক্ষী বিষয়াসকলে সাহসিকতাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰিও কোৱাৰেণ্টাইন চেণ্টাৰৰ সকলো নীতি-নিয়ম তথা স্বাস্থ্য বিষয়াৰ পৰামৰ্শ অনুসৰি সকলো কাম নিয়াৰীকৈ কৰি অন্যৰ বাবে উদাহৰণ হোৱা বুলিও উল্লেখ কৰে তেলেংগানাৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ।