অসম

assam

ETV Bharat / bharat

হিজাবুল সন্ত্ৰাসবাদী ৰিয়াজ নাইকুক হত্যা কৰাৰ বাবে সশস্ত্ৰ বাহিনীক প্ৰশংসা কংগ্ৰেছৰ - ৰাহুল গান্ধী

ৰাহুল গান্ধী, প্ৰিয়ংকা বাদ্ৰাৰ লগতে জ্যেষ্ঠ কংগ্ৰেছী সকলে টুইটৰ জৰিয়তে ভাৰতীয় সেনালৈ সন্মান প্ৰদৰ্শন কৰে । 35 বছৰীয়া ৰিয়াজ নাইকুৰ শিৰৰ মূল্য চৰকাৰে 12 লাখ টকা ধাৰ্য কৰিছিল ।

হিজাবুল সন্ত্ৰাসবাদী ৰিয়াজ নাইকোক হত্যা কৰাৰ বাবে সশস্ত্ৰ বাহিনীক প্ৰশংসা কংগ্ৰেছৰ
হিজাবুল সন্ত্ৰাসবাদী ৰিয়াজ নাইকোক হত্যা কৰাৰ বাবে সশস্ত্ৰ বাহিনীক প্ৰশংসা কংগ্ৰেছৰ

By

Published : May 7, 2020, 12:42 PM IST

নিউজ ডেস্ক, 7 মে': হিজাবুলৰ দুধৰ্ষ সন্ত্ৰাসবাদী ৰিয়াজ নাইকুক হত্যা কৰাৰ বাবে কংগ্ৰেছে সশস্ত্ৰ বাহিনীক প্ৰশংসা আগবঢ়াইছে । ৰাহুল গান্ধীয়ে কয় যে, নিৰপৰাধী লোকক হত্যা কৰা বন্ধ হ'ব লাগে ।

কংগ্ৰেছৰ মুখ্য প্ৰবক্তা ৰনদ্বীপ চুৰজেৱালাই কয় যে, তেওঁৰ দলে সকলো সাহসী সশস্ত্ৰ জোৱানক সন্মান প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে কৰ'ণা ভাইৰাছ মহামাৰীৰ মাজতো সন্ত্ৰাসবাদীৰ সৈতে যুঁজি থকাৰ বীৰত্বক প্ৰশংসা কৰিছে ।

পাকিস্তান আৰু ISIয়ে ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰে সকলোৱে এই বিষয়ে অৱগত ।

আনহাতে কংগ্ৰেছৰ সম্পাদিকা প্ৰিয়ংকা বাদ্ৰাই টুইট কৰি ভাৰতীয় সেনাৰ বীৰত্ব আৰু সাহসিকতাক প্ৰসংসা কৰি লিখে যে, "মই ভাৰতীয় সেনা জোৱান আৰু বীৰত্বক ছেল্যুট জনাইছোঁ ।"

উল্লেখ্য যে, হিজাবুল মুজাহিদ্দিনৰ প্ৰধান আৰু কাশ্মীৰৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী ৰিয়াজ নাইকুক বুধবাৰে সেনাই পুলুৱামা জিলাত হত্যা কৰে ।

35 বছৰীয়া সন্ত্ৰাসবাদীজনৰ শিৰৰ মূল্য চৰকাৰে 12 লাখ টকা ধাৰ্য কৰিছিল ।

ABOUT THE AUTHOR

...view details