অসম

assam

ETV Bharat / bharat

বিহাৰ নিৰ্বাচন: ৰণ কৌশল,সবল নেতৃত্ব অবিহনে যুঁজত নামিছে কংগ্ৰেছ - অধ্যক্ষৰ অদূৰদৰ্শিতা

বিহাৰত ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰতাইহে কংগ্ৰেছক সফলতাৰ এক উন্নত মানৰ নিৰ্বাচনী অধ্যায় লিখাত সহায় কৰিব। কিন্তু নেতৃত্বৰ অভাৱ, ৰাষ্ট্ৰীয় অধ্যক্ষৰ অদূৰদৰ্শিতা,জ্যেষ্ঠ নেতাৰ মাজৰ সংঘাতে তেজস্বী যাদৱৰ ওপৰত দলটোক অসহায়ভাৱে নিৰ্ভৰশীল হোৱাৰ পথ প্ৰশস্ত কৰিছে। ই টি ভি ভাৰতৰ অতিৰিক্ত বাতৰি সমন্বয়ক ভূপেন্দ্ৰ ডুবেই এই কথা প্ৰকাশ কৰিছে।

বিহাৰ নিৰ্বাচন: ৰণ কৌশল, সবল নেতৃত্ব অবিহনে যুঁজত নামিছে কংগ্ৰেছ
বিহাৰ নিৰ্বাচন: ৰণ কৌশল, সবল নেতৃত্ব অবিহনে যুঁজত নামিছে কংগ্ৰেছ

By

Published : Oct 26, 2020, 2:55 PM IST

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: বিহাৰৰ বিধানসভা নিৰ্বাচনক লৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছে। উত্কৃষ্ট ৰণ কৌশল, কৰ্মস্পৃহা, আৰু নেতৃত্বৰ অভাৱে দলটোৱে ৰাজনৈতিক ক্ষেত্ৰ আৰু সমৰ্থনৰ আধাৰৰ মাজত সন্তোলন বজাই ৰখাত ব্যৰ্থ হৈছে। কংগ্ৰেছৰ বাবে বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছে। দলৰ নেতাই এফালে যদি সমস্যা সমাধানৰ চেষ্টা কৰে, তেন্তে আনটো মূৰৰ পৰা আকৌ নতুন এক সমস্যাই গা কৰি উঠে।

এই জটিল পৰিস্থিতিত বিহাৰৰ অধিকাংশ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিবলগীয়াত পৰিছে। তেজস্বী যাদৱৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দলৰ ওপৰত এতিয়া সমস্ত দায়িত্ব জাপি দিছে কংগ্ৰেছে। ৰাষ্ট্ৰীয় জনতা দলৰ হাতত ধৰিয়েই বিহাৰৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। অৱশ্যে, ইয়াত নতুন বুলিবলৈ একো নাই। ১৯৯০ চনৰ পিছৰে একেই স্থিতি দেখা গৈছে। ৰাষ্ট্ৰীয় জনতা দলৰ দয়াৰ ওপৰত ভৰসা কৰাৰ বাহিৰে কংগ্ৰেছৰ বিকল্প নাই। আনকি দলৰ ৰাষ্ট্ৰীয় নেতাও ৰাষ্ট্ৰীয় জনতা দলৰ সুৰতে সুৰ মিলাবলৈ বাধ্য। আটাইতকৈ পুৰণি দলটোৱে এতিয়া সময়ৰ পাক চক্ৰত পৰি নিজৰ নীতিকে ত্যাগ কৰিবলগীয়া হৈছে। বিহাৰৰ ২০২০ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ এতিয়া সমাপ্ত হোৱাৰ সময় আহি পৰিছে।

এই সময়ত ৭১খন বিধানসভা আসনৰ ২১খনত কংগ্ৰেছে প্ৰাৰ্থী নিক্ষেপ কৰিছে। ২০১৫ চনত যেতিয়া জে ডি ইউ আৰু আৰ জে ডিয়ে মিত্ৰজোঁটত থাকি নিৰ্বাচনী যুঁজত নামিছিল, তেতিয়া কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৩খন আসনৰ বাবে যুঁজ দিছিল আৰু ৯খন আসন দখল কৰিছিল। পিছৰ পৰ্যায়ত কংগ্ৰেছে অধিক আসন নিজৰ দখললৈ আনে। কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে কংগ্ৰেৰ পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কাম আৰু ভাৰতীয় জনতা পাৰ্টীৰ আগমণে ৰাজ্যখনত ৰাজনৈতিক স্থান আৰু আসনৰ এক বৃহত্ অংশ দখল কৰি লয়। কংগ্ৰেছে নিজে এই অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰিলে। দলৰ নেতৃত্বই নিৰ্বাচনত জয়ী হোৱাতহে অধিক জোৰ দিলে।

কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনত বিধানসভা নিৰ্বাচনক প্ৰয়োজন সাপেক্ষে গুৰুত্ব নিদিলে। ২০২০ৰ বিধানসভা নিৰ্বাচনত মুঠ ৭০খন আসনৰ বাবে কংগ্ৰেছে যুঁজ দিব। ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বেছি চিন্তা কৰিবলগীয়া হোৱা নাছিল। কাৰণ, জে ডি ইউ নেতা নীতিশ কুমাৰ আৰু আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱৰ মাজত আলোচনা অব্যাহত আছিল। কংগ্ৰেছৰ যুদ্ধকক্ষ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ দ্বাৰা নিশ্চিত কৰা হৈছিল। প্ৰকৃততে, নীতিশ কুমাৰে নিৰ্বাচিত কৰা প্ৰাৰ্থীৰ বিৰোধিতা কৰাৰ সাহস কংগ্ৰেছৰ নাছিল। ২০১৫ চনৰ নিৰ্বাচনত কংগ্ৰেছে ২৭খন আসন লাভ কৰে। ১৯৮৯ চনৰ পিছত এয়া দলটোৰ বাবে বিহাৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল।

অৱশ্যে, ২০২০চনত বিহাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কংগ্ৰেছে নিজৰ নীতি আৰু সিদ্ধান্তৰ ক্ষেত্ৰত শক্তিশালী হোৱাত ব্যৰ্থ হৈছে। কাৰ্যকতাসকলেও আশানুৰূপভাৱে প্ৰস্তুতি চলাব নোৱাৰিলে। দলৰ প্ৰাৰ্থীয়ে আশা কৰিছিল যে, জ্যেষ্ঠ নেতাই নিৰ্বাচনী প্ৰচাৰত তেওঁলোকক সহায় কৰিব, তেওঁলোকৰ হৈ প্ৰচাৰ চলাব। এই ক্ষেত্ৰত ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধা ৱাদ্ৰা আৰু ৰাহুল গান্ধীয়ে বিশেষ গুৰুত্ব নিদিলে। প্ৰথম পৰ্যায়ত কংগ্ৰেছৰ ওচৰত বহুতো প্ৰাৰ্থী আছিল। কিন্তু শীৰ্ষ নেতৃত্বই প্ৰাৰ্থীৰ আশাত চেঁচা পানী ঢালিলে। বিহাৰত কংগ্ৰেছে তেজস্বী যাদৱৰ নীতি আৰু নিৰ্বাচনী প্ৰস্তুতিৰ ওপৰতে নিজৰ সকলো আশা সমৰ্পণ কৰিছে।

২০১৫ৰ নিৰ্বাচনত যেতিয়া কংগ্ৰেছ আৰ জে ডি আৰু জে ডি ইউ সৈতে মিত্ৰজোঁটত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল, তেতিয়া ছোনিয়া গান্ধীয়ে বিহাৰৰ ৬টা নিৰ্বাচনী ৰেলীত অংশ লৈছিল। ৰাহুল গান্ধী আৰু দল জ্যেষ্ঠ নেতায়ো ৰেলীত অংশ লয়। অৱশ্যে এইবাৰ কংগ্ৰেছৰ সকলো শীৰ্ষ নেতা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নাই। বিহাৰত কংগ্ৰেছৰ নেতৃত্ব দুৰ্বল, কাৰ্যকৰী সমিতিৰ অৱস্থাও তথৈবচ। সমন্বয় সমিতি আৰু দলৰ অন্য সমিতিৰো অৱস্থা পূৰ্বৰ দৰে নহয়। ২০১৫ চনত অশোক চৌধুৰী কংগ্ৰেছ ৰাজ্য ইকাইৰ অধ্যক্ষ আছিল আৰু এতিয়া তেওঁ জে ডি ইউৰ প্ৰদেশ কাৰ্যকৰী অধ্যক্ষ। অশোক চৌধুৰীয়ে কংগ্ৰেছ ৰাজ্যখনত শক্তিশালী হোৱাত সহায় কৰিছিল।

বৰ্তমানৰ ৰাজ্য ইকাইৰ অধ্যক্ষই অধিকাংশ সময় নিৰ্বাচনী প্ৰচাৰৰ নামত নষ্ট কৰিছে আৰু পৰিণতিস্বৰূপে প্ৰচাৰৰ বাবে সময়ৰ অভাৱ হোৱা দেখা গৈছে। বিহাৰত ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰতাইহে কংগ্ৰেছক সফলতাৰ এক উন্নত মানৰ নিৰ্বাচনী অধ্যায় লিখাত সহায় কৰিব। কিন্তু নেতৃত্বৰ অভাৱ, ৰাষ্ট্ৰীয় অধ্যক্ষৰ অদূৰদৰ্শিতা, জ্যেষ্ঠ নেতাৰ মাজৰ সংঘাতে তেজস্বী যাদৱৰ ওপৰত দলটোক অসহায়ভাৱে নিৰ্ভৰশীল হোৱাৰ পথ প্ৰশস্ত কৰিছে। প্ৰকৃততে কংগ্ৰেছ নেতৃত্বই এতিয়া দলক আগুৱাই নিয়াত সহায় কৰিব পৰা কাম কৰিব পৰা নাই। অনুশাসনৰ অভাৱতো কংগ্ৰেছ দলত ফাঁট মেলা দেখা গৈছে। শেহতীয়া সমীক্ষাত মতে, নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বিফল হৈছে কংগ্ৰেছ। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত দলোটোৱে কি গতি লয়, সেয়া লক্ষণীয় হ'ব।

লগতে পঢ়ক:অজিত ডোভালৰ হৃষিকেশ যাত্ৰা সন্দৰ্ভত কেন্দ্ৰৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details