অসম

assam

পদত্যাগ কৰিব নেকি ৰাহুল গান্ধীয়ে?

By

Published : May 25, 2019, 2:49 PM IST

নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শনিবাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ৰাহুল গান্ধীয়ে৷ অৱশ্যে কংগ্ৰেছৰ কাৰ্যকৰী সমিতি (CWC) এ নাকচ কৰে ৰাহুলৰ পদত্যাগৰ সিদ্ধান্তক৷

নিৰ্বাচনত পৰাজয় হৈ পদত্যাগৰ সিদ্ধান্ত ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, 25 মে' : লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাচত ৰাহুল গান্ধীৰ পদত্যাগৰ সিদ্ধান্ত ৷ নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শনিবাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় ৰাহুল গান্ধীয়ে৷ অৱশ্যে কংগ্ৰেছৰ কাৰ্যকৰী সমিতি (CWC) এ নাকচ কৰে ৰাহুলৰ পদত্যাগৰ সিদ্ধান্তক৷

শনিবাৰে ৰাজধানী দিল্লীত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ এক বৈঠকত ৰাহুলে গ্ৰহণ কৰিছিল পদত্যাগৰ সিদ্ধান্ত ৷ বৈঠকত উপস্থিত থাকে ইউ পি এৰ অধ্যক্ষা ছোনীয়া গান্ধী, মনমোহন সিং, পি চিদাম্বৰমক আদিকে ধৰি ভালেকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতা৷

ABOUT THE AUTHOR

...view details