অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশক 'অপৰাধ প্ৰদেশ' আখ্যা কংগ্ৰেছৰ - প্ৰিয়ংকা গান্ধী

বিকাশ ডুবেৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে কংগ্ৰেছে । কংগ্ৰেছ দলে যোগী আদিত্যনাথৰ শাসনাধীন চৰকাৰখনে উত্তৰ প্ৰদেশক 'অপৰাধ প্ৰদেশ'লৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷

congress-demands-probe-in-vikas-dubeys-encounter-says-what-about-those-who-gave-patronage
উত্তৰ প্ৰদেশক 'অপৰাধ প্ৰদেশ' আখ্যা কংগ্ৰেছৰ

By

Published : Jul 10, 2020, 9:05 PM IST

নিউজ ডেস্ক, ১০ জুলাই :উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনাৰ পিচতে শুকুৰবাৰে কংগ্ৰেছ দলে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ শাসনাধীন চৰকাৰখনে উত্তৰ প্ৰদেশক 'অপৰাধ প্ৰদেশ'লৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ ৷ লগতে বিকাশ ডুবেৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে কংগ্ৰেছ দলে ।

দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰা আৰু দলটোৰ প্ৰবক্তা গৰাকীয়ে জনোৱা অনুসৰি, ৰাজ্যখনত আইন-শৃংখলা বিশৃংখল হৈছে যাৰ বাবে বিকাশ ডুবেৰ নিচিনা অপৰাধী ৰাজ্যখনত থকা বুলি উল্লেখ কৰে । ইয়াৰোপৰি ৰণদীপ সুৰেজবালাইও বিকাশ ডুবেক চৰকাৰে কিয় চিনাক্ত কৰিব পৰা নাছিল বা ৰাজ্যখনৰ ৪০ শীৰ্ষ অপৰাধীৰ তালিকাত বিকাশ ডুবেৰ নাম কিয় অন্তৰ্ভূক্ত নাছিল সেই সম্পৰ্কতো প্ৰশ্নৰ উত্থাপন কৰে চৰকাৰক ।

উল্লেখ্য যে, কানপুৰৰ ঘটনাৰ পিচতে বিকাশ ডুবেক বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ উজ্জয়নৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু শুকুৰবাৰে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :পঞ্চম বাৰৰ বাবে স্থগিত নেপালৰ শাসকীয় দলৰ বৈঠক

ABOUT THE AUTHOR

...view details