অসম

assam

ETV Bharat / bharat

মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী কংগ্ৰেছৰ

ঘটনাৰ শীঘ্ৰে উচিত তদন্তৰ ব্যৱস্থা কৰাৰ লগতে এই তদন্তৰ ভাৰ চিবিআইৰ দৰে স্বতন্ত্ৰ সংস্থাক প্ৰদানৰ দাবী জনায় কংগ্ৰেছ দলে ৷

Congress demands CM Biren Singh's resignation over drug seizure case in Manipur
মণিপুৰৰ মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী কংগ্ৰেছৰ

By

Published : Jul 16, 2020, 10:29 AM IST

মণিপুৰ, 16 জুলাই : মণিপুৰত হাই প্ৰফাইল ড্ৰাগছ কেলেংকাৰীৰ ঘটনাত জড়িত থকাৰ অভিযোগত বুধবাৰে মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷ কংগ্ৰেছ বিধায়িনী দলৰ নেতা অকৰাম ইব'ব সিঙে এখন সংবাদমেলৰ আয়োজন কৰি এই ঘটনাৰ শীঘ্ৰে চিবিআই তদন্তৰ দাবী জনায় ৷

অকৰাম ইব'ব সিঙে কয় যে, বিগত বিধানসভা অধিবেশনত কংগ্ৰেছ দলে ড্ৰাগছ কেলেংকাৰীত হাই প্ৰফাইল পৰিয়াল জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৷ অকৰাম ইব'ব সিঙে মুখ্যমন্ত্ৰীগৰাকীৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ দাবী উত্থাপন কৰে ৷ তেওঁ লগতে এই ঘটনাৰ শীঘ্ৰে তদন্তৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ তদন্তৰ ভাৰ চিবিআইৰ দৰে স্বতন্ত্ৰ সংস্থাক প্ৰদানৰ দাবী জনায় ৷ কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী কাৰ্যালয়কো ঘটনাৰ বিষয়ে অৱগত কৰাৰ বাবে দাবী জনায় ৷

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে মাদক দ্ৰব্য নিবাৰক শাখা তথা সীমান্তৰ অতিৰিক্ত আৰক্ষী অধীক্ষক থুনাঅজাম বৃন্দাৰ ঘটনাৰ পাছত কংগ্ৰেছ দলে ৰাজ্যৰ আৰক্ষী প্ৰশাসন তথা ইয়াৰ প্ৰশাসনীয় বিভাগৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে ৷ উল্লেখ্য যে, থুনাঅজাম বৃন্দাই সোমবাৰে 2018 চনৰ জুন মাহত 4,595 কিল'গ্ৰাম হিৰোইন, 280,200 মাদক দ্ৰব্য আৰু 5.81 লাখ টকা নগদ ধনসহ আটক কৰা আঠজন সৰবৰাহকাৰীৰ লৱকুশী ঝৌউ নামৰ এজনক মুকলি কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে হেঁচা প্ৰয়োগ কৰাৰ গোচৰ ৰুজু কৰিছিল ৷

লগতে পঢ়ক : সশস্ত্ৰ বাহিনীক শক্তিশালী কৰাৰ হেতু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক

ABOUT THE AUTHOR

...view details