নেশ্যনেল ডেস্ক, 19 জানুৱাৰী : 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে 54 গৰাকী প্ৰাৰ্থীৰ নাম ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে পেটেল নগৰৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কৃষ্ণ তিৰথ আৰু গান্ধী নগৰৰ পৰা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী অৰবিন্দৰ লভলী ৷
কংগ্ৰেছৰ 54 প্ৰাৰ্থীৰ নাম ঘোষণা কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন আম আদমী পাৰ্টীৰ নেত্ৰী অলকা লাম্বাক চান্দনী চৌকৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অধ্যক্ষ কিৰ্তী আজাদৰ পত্নী পুনম আজাদক সংগ্ৰাম বিহাৰৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷
কংগ্ৰেছৰ 54 প্ৰাৰ্থীৰ নাম ঘোষণা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী অশোক ৱালিয়াই কৃষ্ণ নগৰৰ প্ৰতিদ্বন্দিতা কৰাৰ পৰিৱৰ্তে হাৰুন য়ুছুফে বাল্লিমৰান, মাতিন আহামদে শিলাপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢা়ব ৷ আনহাতে, নতুন দিল্লী আসনৰ বাবে দিল্লী মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছে বৰ্তমানলৈকে প্ৰাৰ্থী নিৰ্ধাৰণ কৰা নাই ৷
আনহাতে, উপ-মুখ্যমন্ত্ৰী মনিশ শিশোদিয়াৰ বিৰুদ্ধে পতপৰগঞ্জৰ পৰা লক্ষ্মণ ৰাৱাটক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷
আৰু পঢ়ক : ৰাজস্থানত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰীয়া মহিলা