অসম

assam

ETV Bharat / bharat

কংগ্ৰেছৰ সপ্তমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

শুকুৰবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ বাবে জম্মু-কাশ্মীৰ , ত্ৰিপুৰা, চট্টিশগড়,ওড়িশা,মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ , তেলেংগানা ,পুডুচেৰীৰ বাবে  প্ৰাৰ্থী তালিকা ৷ ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে দলটোৱে ৷

By

Published : Mar 23, 2019, 11:42 AM IST

lok SABHA

নতুন দিল্লী ,23 মাৰ্চ : কংগ্ৰেছে শুকুৰবাৰে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ 34 জনীয়া প্ৰাৰ্থীতালিকা ৷ ওড়িশাবিধানসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে দলটোৱে ৷

শুকুৰবাৰে নিশা ঘোষণা কৰা হয় দলটোৰজম্মু-কাশ্মীৰ , ত্ৰিপুৰা, চট্টিশগড়,ওড়িশা,মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ , তেলেংগানা ,পুডুচেৰীৰ বাবে প্ৰাৰ্থী তালিকা ৷ তালিকাখনত চট্টিশগড়ৰ বাবে চাৰিজন প্ৰাৰ্থী , জম্মু-কাশ্মীৰ, ত্ৰিপুৰা আৰু ওড়িশাৰ বাবে দুজনকৈ প্ৰাৰ্থী ,মহাৰাষ্ট্ৰৰ বাবে পাঁচজন , তামিলনাডুৰ বাবে আঠজন, উত্তৰ প্ৰদেশৰ বাবে নজন ,তেলেংগানা আৰু পুডুচেৰীৰ বাব এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে ৷

ইয়াৰ পূৰ্বে সোমবাৰে দলটোৱে প্ৰকাশ কৰা পঞ্চমখন 56 জনীয়া তালিকাত অন্তৰ্ভুক্ত হৈছিল অসমৰ পাঁচগৰাকী প্ৰাৰ্থীৰ নাম ৷ ভুৱনেশ্বৰ কলিতাই মঙলদৈৰ পৰা , এম জি ভি কে ভানুৱে তেজপুৰৰ পৰা ,প্ৰদ্যুৎ বৰদলৈৱে নগাঁৱৰ পৰা , অনিল বৰগোহাঁয়ে লখিমপুৰৰ পৰা আৰু বীৰেণ সিং ইংতিয়ে ডিফুৰ পৰা লাভ কৰিছে প্ৰাৰ্থিত্ব ৷


উল্লেখ যোগ্য যে , কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকাপ্ৰকাশ কৰিছিল 7 মাৰ্চত ৷ সাতটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ 11 এপ্ৰিলত আৰম্ভণি হ'ব ৷ 23 মেত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল ৷

ABOUT THE AUTHOR

...view details