অসম

assam

ETV Bharat / bharat

ৰাজ্যপালৰ ভাষণৰ সময়তে সদন ত্যাগ কংগ্ৰেছৰ - কংগ্ৰেছ

সদনৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে এইদৰে সদন ত্যাগ বিৰোধী দলটোৰ ।

মেঘালয় কংগ্ৰেছৰ সদন ত্যাগ

By

Published : Mar 9, 2019, 2:49 PM IST

নিউজ ডেস্ক, ৯ মাৰ্চঃ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে নিৰ্বাচনকেন্দ্ৰীক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ এনে এক পৰিস্থিতিতে শুক্ৰবাৰে মেঘালয়ৰ সদন ত্যাগ কৰে কংগ্ৰেছ দলে ৷

মেঘালয়ৰ ৰাজ্যপাল টাথাগাতা ৰয়ৰ "everything Kashmiri" শীৰ্ষক টুইটৰ পিচতেই মেঘালয় কংগ্ৰেছ দলে এইদৰে সদন ত্যাগ কৰে ৷ পুলৱামাৰ সন্ত্ৰাস আক্ৰমণৰ পৰৱৰ্তী সময়ত সমগ্ৰ দেশব্যাপী সৃষ্টি হোৱা টুইটাৰ ট্ৰেণ্ডক লৈ ৰাজ্যপালগৰাকীয়ে কৰা টুইটৰ প্ৰতিবাদ জনাই এইদৰে সদন ত্যাগেৰে প্ৰতিবাদ সাব্যস্ত কৰে মেঘালয় কংগ্ৰেছে ৷

মেঘালয় কংগ্ৰেছৰ সদন ত্যাগ

বাজেট অধিৱেশনৰ প্ৰথম দিনটোৱে ৰাজ্যপালৰ ভাষণৰ সময়ত সদন ত্যাগ কৰে কংগ্ৰেছে ৷ ৰাজ্যপালগৰাকীৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী ৰাজ্যপালে তেনেকুৱা মন্তব্য কৰাটো দেশৰ বাবে ভাল কথা নহয় বুলি উল্লেখ কৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ৷

ABOUT THE AUTHOR

...view details