অসম

assam

ETV Bharat / bharat

CAB সম্পৰ্কত গৃহমন্ত্ৰীৰ বৈঠক বৰ্জন কংগ্ৰেছৰ - CAB সম্পৰ্কত গৃহমন্ত্ৰীৰ বৈঠক বৰ্জন কংগ্ৰেছৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অমিত শ্বাহে আয়োজন কৰা বৈঠক বৰ্জন কংগ্ৰেছৰ ৷ এই বিধেয়কখন অসম তথা উত্তৰ-পূৱৰ নাগৰিকৰ স্বাৰ্থৰ বিৰোধী আৰু ই এখন জাতিধ্বংসী বিধেয়ক ৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি  ৰিপুন বৰাই উল্লেখ কৰে ৷

Congress boycott Home minister's CAB meeting
CAB সম্পৰ্কত গৃহমন্ত্ৰীৰ বৈঠক বৰ্জন কংগ্ৰেছৰ

By

Published : Nov 29, 2019, 11:11 PM IST

নতুন দিল্লী,29 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অহা শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীত আয়োজন কৰা বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ ৷ শ্বাহে আয়োজন কৰা এই বৈঠকত উত্তৰ-পূৱৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল-সংগঠন তথা কেইবাগৰাকীও সামাজিক নাগৰিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই কয় যে সংসদৰ শীতকালীন অধিবেশনত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সম্পূৰ্ণ যোজা চলাইছে ৷ এই বৈঠক কেৱল এক আভুৱা ভৰাৰ বৈঠক বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে সেইবাবে বৰ্জন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

CAB সম্পৰ্কত গৃহমন্ত্ৰীৰ বৈঠক বৰ্জন কংগ্ৰেছৰ

অমিত শ্বাহে ত্ৰিপুৰা,মিজোৰাম,অসম,অৰুণাচল প্ৰদেশ,মেঘালয়আৰু নাগালেণ্ডৰ প্ৰতিনিধিৰ লগত কেইবালানি বৈঠকত ভাগ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰিব ৷ কিন্তু পূৰ্বেই নিৰ্ধাৰিত এই বৈঠকত মণিপুৰৰ প্ৰতিনিধিয়ে ভাগ নলয় ৷ এই বিষয়ে ইতিমধ্যে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ সৈতে অমিত শ্বাহে আলোচনা কৰিছে ৷

ধাৰণা কৰা হৈছে অহা সপ্তাহত সংসদত চৰকাৰে এই বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷ এই বিধেয়কখন অসম তথা উত্তৰ-পূৱৰ নাগৰিকৰ স্বাৰ্থবিৰোধী আৰু ই এখন জাতিধ্বংসী বিধেয়ক ৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও ৰিপুন বৰাই উল্লেখ কৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৱতে ধাৰাবাহিকভাৱে আন্দোলন চলি আছে ৷ উত্তৰ-পূৱৰ সকলো কংগ্ৰেছ সাংসদ আৰু এই বিধেয়কৰ বিৰোধী সকলো দলৰ সাংসদসকলে সংসদত আৰু সংসদৰ বাহিৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

হাতত প্লে-কাৰ্ড লৈ সাংসদসকলে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল কৰিবলৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে অসমৰ প্ৰভাৱশালী জাতীয় ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ আন্দোলনৰ নেতৃত্ব দিছে আৰু ইয়াৰ লগত অসমৰ বিভিন্ন সংগঠনে সহযোগ আগবঢ়াইছে ৷ আছু নেতৃত্বই ইতিমধ্যেই এই সম্পৰ্কত বিভিন্ন দলৰ নেতাৰ লগত আলোচনা অব্যাহত ৰাখিছে ৷

আৰু পঢ়কঃ ভাৰতৰ স্বাস্থ্য সেৱা ব্যৱস্থাক চিকিৎসাৰ প্ৰয়োজন

ABOUT THE AUTHOR

...view details