নিউজ ডেস্ক, 16 আগষ্ট : কংগ্ৰেছ দলে দেওবাৰে ৰাজস্থান কংগ্ৰেছৰ দায়িত্বত থকা সচিব প্ৰধান অবিনাশ পাণ্ডেৰ ঠাইত স্থলাভিষিক্ত কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেনক ৷ ৰাজস্থান বিধানসভাত 18গৰাকী কংগ্ৰেছী বিধায়কৰ সৈতে শচীন পাইলটে কৰা বিৰুদ্ধাচাৰণৰ সময়তে কংগ্ৰেছ হাইকামাণ্ডে ছোনিয়া গান্ধীৰ নেতৃত্বত তিনিজনীয়া এখন কমিটী গঠন কৰি সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈ নিৰ্দেশনা দিছিল ৷ এনে অৱস্থাতে দেওবাৰে কংগ্ৰেছে অবিনাশ পাণ্ডেৰ ঠাইত দায়িত্ব প্ৰদান কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীক ৷
ৰাজস্থান চৰকাৰ তথা কংগ্ৰেছৰ দলৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ কংগ্ৰেছ হাইকামাণ্ডে গঠন কৰি দিয়া কমিটীখনৰ অন্যতম সদস্য আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেন ৷ অজয় মাকেনৰ লগতে এই কমিটীখনত আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেল আৰু কেচি বেনুগোপাল ৷