নিউজ ডেস্ক, ২৮ জুলাইঃ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অবিনাশ পাণ্ডে সোমবাৰে দাবী কৰে যে উপ-মুখ্য়মন্ত্ৰী পদৰ পৰা বহিষ্কৃত শচীন পাইলটৰ নেতৃত্বত ১৯ জন দল বিৰোধী বিধায়ক বৰ্তমানেও পাইলটৰ সংস্পৰ্শত আছে বুলি সদৰি কৰে ।
কংগ্ৰেছে ৰাজস্থানৰ অচলাৱস্থাৰ সমাধানৰ বাবে গণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰিব ! - শচীন পাইলট
ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক অবিনাশ পাণ্ডে উপ-মুখ্যমন্ত্ৰী পদৰ পৰা বহিষ্কৃত শচীন পাইলটৰ নেতৃত্বত ১৯ জন দল বিৰোধী বিধায়ক সংস্পৰ্শত আছে বুলি মত প্ৰকাশ কৰে । লগতে কংগ্ৰেছৰ বৰ্তমান ৰাজনৈতিক অচলাবস্থা সমাধানৰ বাবে সকলো গণতান্ত্ৰিক পদক্ষেপ গ্ৰহণ কৰিব বুলিও মত প্ৰকাশ কৰে ।
ৰাজস্থান
ৰাজ্য কংগ্ৰেছৰ দায়িত্বত থকা পাণ্ডে কয় যে,কংগ্ৰেছৰ ৰাজ্যৰ বৰ্তমান ৰাজনৈতিক অচলাৱস্থা সমাধানৰ বাবে সমস্ত গণতান্ত্ৰিক উপায় ব্যৱহাৰ কৰিব। পাণ্ডে সংবাদমেল সম্বোধন কৰি কয় যে,আমি শান্তিপূৰ্ণভাৱে গণতন্ত্ৰৰ সমস্ত গান্ধী অস্ত্ৰ ব্যৱহাৰ কৰিম। তাৰোপৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ উদ্দেশ্য়ি কয় যে,আৱশ্যক হ'লে তেখেতে সকলো জনপ্ৰতিনিধিৰ সৈতে একত্ৰিত হৈ ৰাষ্ট্ৰপতিক আৱেদন জনাব বুলি উল্লেখ কৰে ।
লগতে চাওকঃ তেজপুৰত ভয়ানক ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে