অসম

assam

By

Published : Oct 3, 2019, 7:55 PM IST

ETV Bharat / bharat

হৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আসনক লৈ কংগ্ৰেছীৰ মাজত মতানৈক্য

কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ সহযোগী অহমদ পাটেল আৰু হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুড্ডাৰ হৈছে এক ভাইৰেল ভিডিঅ’৷ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ দেখিবলৈ পোৱা গৈছে দুয়োৰে মাজতমতভেদ ৷

হৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আসনক লৈ কংগ্ৰেছীৰ মাজত মতানৈক্য

নিউজ ডেস্ক, 3 অক্টোবৰঃআগন্তুক হৰিয়ানা বিধানসভা নিৰ্বাচনকলৈ কংগ্ৰেছী প্ৰাৰ্থীৰ মাজত মত-বিৰোধ ৷ বৰ্তমান ভাইৰেল হৈছে কংগ্ৰেছৰ অস্থায়ী অধ্যক্ষ ছোনীয়া গান্ধীৰ সহযোগী অহমদ পাটেল আৰু হাৰিয়ানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুড্ডাৰ সৈতে মতানৈক্যৰ এটা ভিডিঅ’ ৷ 32 ছেকেণ্ডৰ এই ভিডিঅ’টোত টিকট আৱন্টনক লৈ গুলাম নৱী আজাদ, হুড্ডাৰ সৈতে আলোচনাত উত্তেজিত হোৱা দেখা পোৱা গৈছে অহমদ পাটেলক ৷

টিকটৰ বিতৰণ কেনেকৈ কৰা হৈছে ? এই ভিডিঅ’ত প্ৰশ্ন কৰা দেখা পোৱা গৈছে পটেলক ৷ লগতে সুৰজৱালাই কিমান পালে বুলি কৰা প্ৰশ্নৰ উত্তৰত হুড্ডাই কৈছে '' চাৰি ''আনহাতে ভূপিন্দ সিঙকো প্ৰশ্ন কৰিছে পাৰ্টি হাৰিয়ানাৰ ক’ত ক’ত গৈছে ?

হৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আসনক লৈ কংগ্ৰেছীৰ মাজত মতানৈক্য

টিকট বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰাক্তন পিচিচি প্ৰমুখ্য অশোক তানৱাৰ আৰু তেওঁৰ সমৰ্থকে ছোনীয়া গান্ধীৰ বাসগৃহৰ বাহিৰত বিৰোধ প্ৰদৰ্শন কৰে ৷ ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি কোৱা তানৱাৰ বিৰুদ্ধে হুড্ডাই ইয়াৰ পূৰ্বেও মুক্তভাৱে মন্তব্য ৰাখিছিল ৷ 2014 চনৰ পৰা ৰাজ্যিক মুৰব্বী হিচাপে কাৰ্যকৰী হৈ আছে তানৱাৰ ৷

ABOUT THE AUTHOR

...view details