অসম

assam

ETV Bharat / bharat

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ "Speak Up For Democracy" অভিযান - কংগ্ৰেছ

কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ বিৰুদ্ধে দেওবাৰৰ পৰা আৰম্ভ কৰিছে এক বিশেষ অভিযান । ডিজিটেল মাধ্যমেৰে "Speak Up For Democracy" নামৰ এটি অভিযান আৰম্ভ কৰিছে কংগ্ৰেছ দলে ।

Speak Up For Democracy
Speak Up For Democracy

By

Published : Jul 26, 2020, 3:24 PM IST

নিউজ ডেস্ক, ২৬ জুলাইঃদেওবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ এক বিশেষ অভিযান । ডিজিটেল মাধ্যমেৰে কংগ্ৰেছে আৰম্ভ কৰিছে "Speak Up For Democracy" নামৰ এক অভিযান । বিজেপিয়ে সাংবিধানিক আৰু গণতান্ত্ৰিক মূল্যবোধ উলংঘা কৰাৰ প্ৰয়াসৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অবিনাশ পাণ্ডে ।

লগতে তেখেতে অভিযোগ উত্থাপন কৰে যে, বিজেপিয়ে সাংবিধানিক আৰু গণতান্ত্ৰিক মূল্যবোধ উলংঘা কৰি আহিছে । তাৰোপৰি বিজেপিয়ে এখনৰ পৰা আন এখন ৰাজ্য চৰকাৰ পদচ্যুত কৰাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰে ।

শনিবাৰে এটা ভিডিঅ' বাৰ্তাৰে অবিনাশ পাণ্ডে কয় যে, "বিজেপিয়ে প্ৰথমে মধ্য প্ৰদেশ চৰকাৰৰ ক্ষেত্ৰত যিদৰে ভূমিকা গ্ৰহণ কৰিছিল ঠিক সেইদৰে এতিয়া ৰাজস্থান চৰকাৰৰ লগত ষড়যন্ত্ৰ কৰিছে ।"

ABOUT THE AUTHOR

...view details