নিউজ ডেস্ক, ৪ এপ্ৰিলঃ দেশত ৩ মে'লৈ বৃদ্ধি কৰা হ'ল লক্ ডাউনৰ সময়-সীমা । মঙলবাৰে পুৱা ১০ বজাত দেশবাসীক সম্বোধন কৰি এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কিন্তু ২১ দিনীয়া লক্ ডাউনৰ অন্তিম দিনা দেশবাসীক কৰা সম্বোধনত দেশৰ অৰ্থনীতি উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বিত্তীয় সাহায্য ঘোষণা নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে কংগ্ৰেছে ।
কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিত্তীয় মন্ত্ৰী পি. চিদাম্বৰমে টুইট কৰি কয় যে, দৰিদ্ৰ সকলক ২১+১৯ দিনৰ বাবে অকলশৰীয়া কৈ যুঁজিবলৈ এৰি দিয়া হৈছে । য'ত খাদ্যৰ অভাৱ পূৰণৰ অনুৰোধ সন্নিৱিষ্ট হৈছে আছে । টকা আছে, খাদ্য আছে, কিন্তু চৰকাৰে হয়তো টকা, নাইবা খাদ্য মুকলি নকৰে ।"