নিউজ ডেস্ক, 10 মাৰ্চঃনতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে মধ্যপ্ৰদেশৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা জ্য়োতিৰাদিত্য সিন্ধিয়াই ৷ মধ্যপ্ৰদেশৰ ৰাজনীতিত নতুন মোৰ লোৱাৰ সময়তে বিজেপিৰ সৈতে লগ-লাগি চৰকাৰ ওফৰাই দিবলৈ এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰা কথাটোৱে তাৎপৰ্য বহন কৰিছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতে গৃহমন্ত্ৰীগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই ৷
সিন্ধিয়াৰ ঘনিষ্ঠ সহযোগী বিধায়কসকলে তেওঁক এঘৰীয়া কৰাৰ বাবে কংগ্ৰেছ নেতৃত্বৰ ওপৰত ক্ষুন্ন হৈ আছে ৷ ইয়াৰ ফলত তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰি কমল নাথ নেতৃত্বাধীন চৰকাৰৰ শক্তি কম কৰিবলৈ এইদৰে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷